শিৱ সেনাৰ বিসম্বাদী বিধায়ক একনাথ সিন্ধে বৰ্তমান সময়ত দলত ৩৮ গৰাকী বিধায়কক লগত লৈ বাহৰ পাতিছে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত।
শিৱ সেনাৰ বিসম্বাদী বিধায়ক একনাথ সিন্ধে বৰ্তমান সময়ত দলত ৩৮ গৰাকী বিধায়কক লগত লৈ বাহৰ পাতিছে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত।
"ৰেডিছন ব্লুৰ সন্মুখত আমি তৃণমূল কংগ্ৰেছে প্ৰতিবাদ কৰিছো। গুৱাহাটীত বিধায়ক কিনা–বেচাৰ বজাৰ চলিব দিয়া নহব।" – এই দাবী তৃণমূল কংগ্ৰেছৰ অসমৰ সভাপতি ৰিপুণ বৰাৰ। মহাৰাষ্ট্ৰৰ একাংশ বিধায়কে শিৱ সেনাৰ উদ্ধৱ বালাচাহেৱ থাকৰে নেতৃত্বাধীন চৰকাৰৰ পতনৰ অংকৰে বাহৰ পাতিছে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত।
শিৱ সেনাৰ বিসম্বাদী বিধায়ক একনাথ সিন্ধে বৰ্তমান সময়ত দলত ৩৮ গৰাকী বিধায়কক লগত লৈ বাহৰ পাতিছে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত। সেয়ে নহয় নতুন চৰকাৰ গঠনৰ কুছকাৱাজ চলিছে গুৱাহাটীত। তেনেক্ষেত্ৰতেই ক্ষোভিত হৈছে বিৰোধী দল তৃণমূল কংগ্ৰেছৰ অসমৰ নেতৃত্ব।
মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যৰ মুৰব্বী ৰিপুণ বৰাৰ নেতৃত্বত অহা দলটোৱে ৰেডিছন ব্লু হোটেলৰ সন্মুখত ধৰ্ণা দিয়ে। কেৱল ধৰ্ণা দিয়াই নহয়, গণতন্ত্ৰক হত্যা কৰা নচলিব বুলি কয় ৰিপুন বৰাই। যি সময়ত অসমৰ ৩০খন জিলাৰ ৰাইজে বানত ককবকাই আছে, সেই সময়ত বিধায়ক কিনা–বেচাৰ ৰাজনীতি অসমৰ বাবে দুৰ্ভাগ্যজনক বুলি কয় ৰিপুণ বৰাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|