আজি বিজেপিৰ বিয়া! পিছে বিজেপিলৈ বিয়া হ’ল কোন?

যোগদান সমাৰোহত ঐক্য মঞ্চৰ প্ৰতিষ্ঠাপক ৰমাকান্ত দেউৰীয়ে ক'লে- ‘আজিৰে পৰা দুখন হিয়া একেলগ হ'ল’

News18-Assam
Updated:August 30, 2019, 5:39 PM IST
আজি বিজেপিৰ বিয়া! পিছে বিজেপিলৈ বিয়া হ’ল কোন?
যোগদান সমাৰোহত ঐক্য মঞ্চৰ প্ৰতিষ্ঠাপক ৰমাকান্ত দেউৰীয়ে ক'লে- ‘আজিৰে পৰা দুখন হিয়া একেলগ হ'ল’
News18-Assam
Updated: August 30, 2019, 5:39 PM IST
নীলোৎপল বৰা: তিৱা জনগোষ্ঠীৰ সমস্যাক লৈ গঠিত হোৱা ৰাজনৈতিক দল জাতীয় ঐক্য মঞ্চ আজি আনুষ্ঠনিক ভাৱে চামিল হ'ল বিজেপিত। মৰিগাঁৱৰ হায়াৰ চেকেণ্ডৰী স্কুলৰ    খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল জনসভাত নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত বিজেপিৰ লগত বিবাহপাশত আৱদ্ধ হোৱাৰ কথা ঘোষণা কৰিলে জাতীয় ঐক্য মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি তথা মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে।

ইতিমধ্যে ঐক্যমঞ্চৰ নেতৃবৰ্গই দলীয় পতাকা চমজাই দিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক। যোগদান সমাৰোহত ঐক্য মঞ্চৰ প্ৰতিষ্ঠাপক ৰমাকান্ত দেউৰীয়ে ক'লে আজিৰে পৰা দুখনি হিয়া একেলগ হ'ল।
আৰু চাওক পৰৱৰ্তী বাতৰি