তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফলে চিন্তিত কৰি তুলিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক। কাৰণ অগপ-বিজেপিৰ মিত্ৰতাক প্ৰত্যাহ্বান জনাই বঢ়মপুৰত মহন্ত শিবিৰে নিজাকৈ প্ৰক্ষেপ কৰা অগপৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে বিজেপিৰ প্ৰাৰ্থীৰ হাতত শোচনীয় ভাৱে পৰাজয়বৰণ কৰিছে। ইয়াৰে ৩০নং নামবৰ লালুংগাঁও সমষ্টিত অগপ প্ৰাৰ্থী পোনাকণ বৰদলৈ বিজেপিৰ প্ৰাৰ্থী ইন্দ্ৰ বৰদলৈৰ হাতত পৰাজিত হৈছে। সমষ্টিটোত পোনাকণ বৰদলৈ তৃতীয় স্থানত থাকিবলৈ বাধ্য হৈছে। দ্বিতীয় স্থানত লাভ কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী শুক্লেশ্বৰী বৰদলৈয়ে।
বঢ়মপুৰৰ আন এটা সমষ্টি ৩১নং লালুংপাৰ সমষ্টিটো মহন্ত প্ৰক্ষেপিত অগপ প্ৰাৰ্থী নগেন বৰদলৈ বিজেপিৰ মোহন বৰদলৈৰ হাতত পৰাজিত হৈছে। সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীতৃতীয় স্থানত থাকিবলৈ বাধ্য হৈছে।
উল্লেখযোগ্য যে, বঢ়মপুৰত এইবেলি প্ৰফুল্ল কুমাৰ মহন্তই অগপ-বিজেপি মিত্ৰতাৰ বিপৰীত মেৰুত অৱস্থান কৰি দুগৰাকী প্ৰাৰ্থীক অগপৰ পৰা প্ৰক্ষেপ কৰিছিল। প্ৰাৰ্থী দুগৰাকীৰ সমৰ্থনত দিনে-নিশাই প্ৰচাৰ অভিযানটো ব্যস্ত হৈছিল প্ৰফুল্ল কুমাৰ মহন্ত। ইয়াৰ বিপৰীতে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ হৈছিল সমষ্টিকেইটাৰ প্ৰভাৰী তথা বিধায়ক ৰূপক শৰ্মা। মহন্তৰ সমষ্টিত ব্যাপক প্ৰচাৰ চলাইছিল প্ৰাক্তন ৰে’লৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাই আৰু বিজেপি নেতা জিতু গোস্বামীয়েও।
আজি ঘোষিত ফলাফলে আঞ্চলিকাতাবাদৰ দূৰ্গ হিচাপে পৰিচিত বঢ়মপুৰত বিজেপিৰ শক্তিশালী স্থিতিক পুনৰ প্ৰমাণ কৰিলে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : December 19, 2020, 13:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।