আজি তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, পুৱাৰে পৰা অব্যাহত ভোটগ্ৰহণ প্ৰক্ৰিয়া

৩৬টা পৰিষদীয় সমষ্টিৰ ৪০৪টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ।
৩৬টা পৰিষদীয় সমষ্টিৰ ৪০৪টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ।
- News18 Assam
- Last Updated: December 17, 2020, 9:08 AM IST
৩২নং ডিগাৰু সমষ্টিৰ অন্তৰ্গত চন্দ্ৰপুৰৰ ৬খন গাঁৱৰ ৬টা ভোটিং কেন্দ্ৰত অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৩২নং ডিগাৰু সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে তিনিজনকৈ প্ৰাৰ্থী। ভাৰতীয় জনতা পাৰ্টীৰ জবা ইংতি, ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলৰ মিনাক্ষী দাস আৰু নিৰ্দলীয় গণিকা তাঁতী। চন্দ্ৰপুৰৰ ৬টা ভোটগ্ৰহণ কেন্দ্ৰত মুঠ ভোটাৰ হৈছে ৫৫২৮গৰাকী।
উল্লেখ্য যে ৩২নং ডিগাৰু সমষ্টিত তিৱা সম্প্ৰদায়ৰ লোক নথকা চন্দ্ৰপুৰ অঞ্চলৰ ৬খন গাঁৱক অন্তৰ্ভুক্ত কৰোৱাকলৈ ইতিমধ্যে চন্দ্ৰপুৰ আঞ্চলিক ছাত্র সন্থাৰ নেতৃত্বত চন্দ্ৰপুৰ অঞ্চলৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি এই গাঁও কেইখন তিৱা স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ পৰা কৰ্তন কৰিবলৈ চৰকাৰ তথা জিলা প্ৰশাসনক দাবী উত্থাপনৰ লগতে জিলা উপায়ুক্তৰ লগত আলোচনাতো বহিছিল। কিন্তু চৰকাৰ তথা জিলা প্ৰশাসনৰ পৰা কোনো ধৰণৰ আশাব্যঞ্জক সঁহাৰি নাপাই চন্দ্ৰপুৰ আছুৰ লগতে চন্দ্ৰপুৰ অঞ্চলৰ ৰাইজে নিৰ্বাচন বৰ্জন কৰাৰ বাবে প্ৰতিজন নাগৰিকক আহ্বান জনাইছিল।