உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Teacher Awarded : যোৰহাটৰ কংকন কিশোৰ দত্তলৈ ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুবাৰ জিলিকিছে এইগৰাকী যুৱ শিক্ষকৰ নাম।

    Assam Teacher Awarded : যোৰহাটৰ কংকন কিশোৰ দত্তলৈ ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুবাৰ জিলিকিছে এইগৰাকী যুৱ শিক্ষকৰ নাম।

    অহা ২৩ আগষ্টত কংকন কিশোৰ দত্তৰ কৰ্মৰত বিদ্যালয়খনত দিল্লীৰ এটি দল উপস্থিত হৈ নিৰ্মাণ কৰিব এখন শৈক্ষিক তথ্যচিত্ৰ।

    অহা ২৩ আগষ্টত কংকন কিশোৰ দত্তৰ কৰ্মৰত বিদ্যালয়খনত দিল্লীৰ এটি দল উপস্থিত হৈ নিৰ্মাণ কৰিব এখন শৈক্ষিক তথ্যচিত্ৰ।

    অহা ২৩ আগষ্টত কংকন কিশোৰ দত্তৰ কৰ্মৰত বিদ্যালয়খনত দিল্লীৰ এটি দল উপস্থিত হৈ নিৰ্মাণ কৰিব এখন শৈক্ষিক তথ্যচিত্ৰ।

    • Share this:
    কোভিডসৃষ্ট পৰিবেশৰ মাজতে ৰাজ্যলৈ অহা ইটোৰ পাছত সিটো ভাল খবৰে আহ্লাদিত কৰিছে প্ৰতিজন অসমীয়াক। শেহতীয়াকৈ ঘোষণা কৰা ২০২১বৰ্ষৰ দেশৰ ৪৪ গৰাকী কৃতী শিক্ষকৰ তালিকাত এইবাৰ নাম সন্নিবিষ্ট হল টীয়কৰ বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ যুৱ শিক্ষক কংকণ কিশোৰ দত্তৰ। ছাত্র -ছাত্ৰীৰ স্কুলীয়া পাঠ্যক্ৰমৰ লগতে শিক্ষা সম্বন্ধীয় সৃষ্টিশীলতা হ'ল কংকণ কিশোৰ দত্তৰ অন্যতম আকৰ্ষণৰ অলংকাৰ।

    নিজৰ একাগ্ৰ  সাধনা আৰু অধ্যয়নৰ বলত সফলতা অৰ্জন কৰা এইগৰাকী যুৱ শিক্ষকৰ  সফলতাত আনন্দিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও জনালে অভিনন্দন। কংকন কিশোৰ দত্তই পুৰ্বতেও ৰাষ্ট্ৰীয় পৰ্যায়ত বুটলিবলৈ সক্ষম হৈছিল বহুকেইটা সন্মান।

    এখন গ্ৰামাঞ্চলৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক কংকন কিশোৰৰ এনে সফলতাই উৎফুল্লিত কৰিছে সতীৰ্থ শিক্ষক আৰু বৌদ্ধিক সমাজক। উল্লেখ্য যে অহা ২৩ আগষ্টত কৃতী শিক্ষকৰ সন্মানেৰে বিভূষিত কংকন কিশোৰ দত্ত কৰ্মৰত এইখন  বিদ্যালয়ত দিল্লীৰ এটি দল উপস্থিত হৈ নিৰ্মাণ কৰিব শৈক্ষিক তথ্যচিত্ৰ।

    তিতাবৰৰ কংকণ দত্তৰ লগতে ৰঙিয়াৰ কে বি দেউলকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিনন্দ স্বৰ্গীয়াৰীও নিৰ্বাচিত হৈছে  এই শিক্ষক বঁটাৰ বাবে । ৰঙিয়া তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা কৃতি শিক্ষকগৰাকীক বিভিন্ন লোকে সম্বৰ্ধনা জনাইছে । সুদীৰ্ঘ ২৫ বছৰে শিক্ষকতা কৰি মানৱ সম্পদ গঢ়া শিক্ষকগৰাকীৰ কৃতিত্বক লৈ উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ ছাত্র-ছাত্ৰী তথা শিক্ষক-শিক্ষয়ত্ৰীসকল ।
    Published by:Manjumoni Borah
    First published: