নলবাৰী জিলাৰ পয়লা গাঁও নিৱাসী তীৰ্থ অসমীয়া এগৰাকী নৃত্য শিল্পী,পৰিচালক হোৱাৰ লগতে এগৰাকী সুদক্ষ ঘোষক। নিজৰ নামটোত 'অসমীয়া' উপাধি জীয়াই ৰখা যুৱকজন ব্যতিক্ৰম। সদায় ব্যতিক্ৰমী যুৱকজনে দেশৰ বিভিন্ন প্ৰান্তত এক সুন্দৰ কন্ঠশৈলীৰে ঘোষকৰ ভূমিকা পালন কৰি আহিছে।
এংকৰিঙৰ জৰিয়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত সুনাম অৰ্জন কৰা তীৰ্থ অসমীয়াক যোৱা ১৪ মে'ত গুৱাহাটী দিছপুৰত ৰাষ্ট্ৰীয় গৌৰৱ অসম ৰত্ন ২০২৩ বঁটা প্ৰদান কৰা হয় । ভাৰতৰ আগশাৰীৰ প্ৰগতিশীল সংস্থা MSSF India ৰ তৰফৰ পৰা তীৰ্থ অসমীয়ালৈ এই বঁটা প্ৰদান কৰা হয়।
Published by: Gautam Barman
FIRST PUBLISHED : May 22, 2023, 13:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।