শনিবাৰে তিনিচুকীয়াৰ সৌমাৰজ্যোতি বিদ্যালয়ত এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হয়। এগৰাকী ছাত্ৰী হঠাত্ ঢলি পৰে বিদ্যালয়ত। আৰু পিছত ছাত্ৰীগৰাকীক মৃত ঘোষণা কৰে চিকিৎসকে।
জানিব পৰা মতে,
বিদ্যালয়খনৰ নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰাকক্ষণত বিপাঞ্চী বাৰ্বী গগৈ নামৰ ছাত্ৰী এগৰাকী পৰীক্ষা হলতে ঢলি পৰে ৷ পিছত ততাতৈয়াকৈ ছাত্ৰীগৰাকীক শিক্ষক সকলে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু পৰীক্ষা-নিৰীক্ষাৰ অন্তত ছাত্ৰীগৰাকীক চিকিৎসকে মৃত ঘোষণা কৰে।
জানিব পৰা মতে, ছাত্ৰীগৰাকীৰ ঘৰ মাকুম জ্যোতি নগৰত। পিছে কি কাৰণত ছাত্ৰীগৰাকী হঠাত এইদৰে ঢলি পৰি মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল তাকে লৈ তিনিচুকীয়াত চাঞ্চল্যৰ সৃষ্টি হৈছে। পূৰ্বৰে পৰা ছাত্ৰীগৰাকী কিবা ৰোগত আক্ৰান্ত হৈ আছিল নেকি সেই বিষয়েই এই পৰ্যন্ত অৱগত হোৱা নাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|