• Home
  • »
  • News
  • »
  • assam
  • »
  • Tinsukia : বানপীড়িত ২৪টা পৰিয়ালক আশ্ৰয়স্থলীৰ পৰা খেদাৰ পৰিণাম, আটক বিতৰ্কিত চাহ ব্যৱসায়ী ৰূপক দত্ত

Tinsukia : বানপীড়িত ২৪টা পৰিয়ালক আশ্ৰয়স্থলীৰ পৰা খেদাৰ পৰিণাম, আটক বিতৰ্কিত চাহ ব্যৱসায়ী ৰূপক দত্ত

file photo

file photo

Tinsukia : বানপীড়িত ২৪টা পৰিয়ালক আশ্ৰয়স্থলীৰ পৰা খেদাৰ পৰিণাম, আটক বিতৰ্কিত চাহ ব্যৱসায়ী ৰূপক দত্ত

  • Share this:
তিনিচুকীয়াৰ ডুমডুমাৰ বিতৰ্কিত চাহ ব্যৱসায়ী ৰূপক দত্তক আজি আটক কৰে তিনিচুকীয়া আৰক্ষীয়ে৷

ফিল’বাৰীৰ টঙানি সোণজানত বিতৰ্কিত চাহ ব্যৱসায়ীগৰাকীৰ অবৈধ চাহ বাগান উচ্ছেদ কৰি কৰ্দৈগুৰিৰ বান-খহনীয়াত সৰ্বস্বান্ত হোৱা  ২৪টা পৰিয়ালক সংস্থাপন কৰিছিল প্ৰশাসনে৷

সংস্থাপিত কৰা বানপীড়িত লোকক চাহ শ্ৰমিকক উত্তেজিত কৰি ২৪টা পৰিয়ালক খেদি পঠাইছিল ৰূপক দত্তই।

ইয়াৰ পিছতেই ফিল’বাৰী আৰু ডুমডুমা থানাত ৰূপক দত্তৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ৷ উল্লেখ্য, দেওবাৰে আলফা স্বাধীনেও সংবাদ মাধ্যমলৈ ৰূপক দত্তক সকীয়নি প্ৰদান কৰিছিল৷ ইফালে আলফা স্বাধীনে ৰূপক দত্তৰ বিৰুদ্ধে হুংকাৰ দিয়াৰ পিছতহে প্ৰশাসনে সাৰ পোৱা বুলি সচেতন মহলত চৰ্চা হৈছিল।
Published by:Gautam Barman
First published: