ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকলে ক্ষমা বিচাৰিবলৈ উপস্থিত হয় শিক্ষয়িত্ৰীগৰাকীৰ ঘৰত। আটাইকেইটা সংগঠনৰ প্ৰতিনিধিয়ে শিক্ষয়িত্ৰীগৰাকীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে।
ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকলে ক্ষমা বিচাৰিবলৈ উপস্থিত হয় শিক্ষয়িত্ৰীগৰাকীৰ ঘৰত। আটাইকেইটা সংগঠনৰ প্ৰতিনিধিয়ে শিক্ষয়িত্ৰীগৰাকীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে।
এগৰাকী শিক্ষয়িত্ৰীক ৰাজপথত আঁঠু কাঢ়িবলৈ বাধ্য কৰোৱাৰ বাবে আজি সমগ্ৰ অসমতে ধিক্কাৰ আৰু গঞ্জনাৰ সন্মুখীন হৈছে কেইবাটাও ছাত্ৰ সংগঠন। ফিল'বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী নিৰদা বৰাক অপমানিত কৰাৰ পিছতে আজি শিক্ষয়িত্ৰীগৰাকীৰ ঘৰত উপস্থিত হয় ফিল'বাৰীৰ সকলো দল-সংগঠনৰ প্ৰতিনিধি।
১১ আগষ্টত ঘটনাটো সংঘটিত হোৱাৰে পৰা মানসিক ভাৱে ভাগি পৰা আৰু যথেষ্টা আবেগিক হৈ পৰা শিক্ষয়িত্ৰী নিৰদা বৰাই ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকলক দেখা পাই হুকহুকাই কান্দি উঠিল। এসময়ত এই ছাত্ৰনেতাসকলৰ অধিকাংশই আছিল নিৰদা বৰাৰ শিক্ষাৰ্থী।
ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকলে ক্ষমা বিচাৰিবলৈ উপস্থিত হয় শিক্ষয়িত্ৰীগৰাকীৰ ঘৰত। আটাইকেইটা সংগঠনৰ প্ৰতিনিধিয়ে শিক্ষয়িত্ৰীগৰাকীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে।
আনহাতে এই সমগ্ৰ ঘটনাক আৰু শিক্ষকক কৰা এনে অপমানক ধিক্কাৰ দিছে তিনিচুকীয়া জিলা শৈক্ষিক কৰ্মচাৰী মঞ্চই। এনেধৰণৰ লজ্জাজনক ঘটনা যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে মঞ্চৰ তৰফৰ পৰা সকলোলৈ আহ্বান জনায় ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|