• Home
  • »
  • News
  • »
  • assam
  • »
  • তিনিচুকীয়াৰ শিক্ষয়িত্ৰীক ৰাজহুৱা অপমানৰ ঘটনা! জিলা উপায়ুক্তৰ উপস্থিতিত আজি ৰাজহুৱা সভা...

তিনিচুকীয়াৰ শিক্ষয়িত্ৰীক ৰাজহুৱা অপমানৰ ঘটনা! জিলা উপায়ুক্তৰ উপস্থিতিত আজি ৰাজহুৱা সভা...

ইতিমধ্যে শিক্ষয়িত্ৰীগৰাকীৰ ওচৰত ক্ষমা খুজিছে সদৌ অসম ছাত্ৰ সন্থাই।

ইতিমধ্যে শিক্ষয়িত্ৰীগৰাকীৰ ওচৰত ক্ষমা খুজিছে সদৌ অসম ছাত্ৰ সন্থাই।

ইতিমধ্যে শিক্ষয়িত্ৰীগৰাকীৰ ওচৰত ক্ষমা খুজিছে সদৌ অসম ছাত্ৰ সন্থাই।

  • Share this:
শিক্ষয়িত্ৰীক ৰাজহুৱাকৈ অপমান কৰা কাণ্ডই এতিয়া জোঁকাৰিছে সমগ্ৰ ৰাজ্য। ইতিমধ্যে শিক্ষয়িত্ৰীগৰাকীৰ ওচৰত ক্ষমা খুজিছে সদৌ অসম ছাত্ৰ সন্থাই। ইফালে ঘটনাৰ সন্দৰ্ভত আজি  তিনিচুকীয়া জিলাৰ ফিল'বাৰীত আজি অনুষ্ঠিত হ'ব ৰাজহুৱা সভা। ফিল'বাৰীৰ চিনিয়ৰ চেকেণ্ডেৰী বিদ্যালয়ত অনুষ্ঠিত হ'ব এই সভা।

তিনিচুকীয়া জিলাৰ উপযুক্ত উপস্থিত থাকিবলগীয়া উক্ত সভাত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে বৰ্তমানৰ শিক্ষাৰ্থী আৰু অভিভাৱক, ৰাইজো উপস্থিত থাকিব। বৰ্ধিত মাছুলৰ লগতে সংঘটিত হৈ যোৱা অনাকাংক্ষিত ঘটনাক লৈ হ'ব আলোচনা।

উল্লেখ্য যে, শিক্ষয়িত্ৰীগৰাকীক এনেদৰে আঠু কাঢ়িবলৈ বাধ্য কৰোৱা ছাত্ৰ সংগঠনকেইটা কটু সমালোচনাৰ সন্মুখীন হৈছে।  ফিল'বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী নিৰদা বৰাক অপমানিত কৰাৰ পিছতে শুকুৰবাৰে শিক্ষয়িত্ৰীগৰাকীৰ ঘৰত উপস্থিত হয় ফিল'বাৰীৰ সকলো দল-সংগঠনৰ প্ৰতিনিধি।

১১ আগষ্টত ঘটনাটো সংঘটিত হোৱাৰে পৰা মানসিক ভাৱে ভাগি পৰা আৰু যথেষ্ট আবেগিক হৈ পৰা শিক্ষয়িত্ৰী নিৰদা বৰাই ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকলক দেখা পাই হুকহুকাই কান্দি উঠে। এসময়ত এই ছাত্ৰনেতাসকলৰ অধিকাংশই আছিল নিৰদা বৰাৰ শিক্ষাৰ্থী।
Published by:Himangshu Bhuyan
First published: