২৮ বছৰে সংস্থাপন নাপালে আশ্ৰয় শিবিৰত যমৰ যন্ত্ৰণাত জীৱন কটোৱা ১২ টা দুৰ্ভগীয়া পৰিয়ালে ৷
২৮ বছৰে সংস্থাপন নাপালে আশ্ৰয় শিবিৰত যমৰ যন্ত্ৰণাত জীৱন কটোৱা ১২ টা দুৰ্ভগীয়া পৰিয়ালে ৷
বিহুৰ উৎসাহেও চুব পৰা নাই তিনিচুকীয়াৰ কৰ্দৈগুৰি কাইটীয়া গাৱঁৰ ভূমিহীন পৰিয়ালক । ৰঙালী বিহুৰ ৰঙত মতলীয়া প্ৰতিজন অসমীয়া । কিন্তু ব্যতিক্ৰম তিনিচুকীয়াৰ কৰ্দৈগুৰি কাইটীয়া গাৱঁৰ ১২ টা দুৰ্গত পৰিয়াল ৷ অসমত সাধাৰণ নিৰ্বাচনৰ ভোটদান সম্পন্ন হৈ গ’ল ৷ বিগত নিৰ্বাচনৰ দৰেই এইবাৰো নিজ নিজ সমষ্টিবাসীক ন ন প্ৰতিশ্ৰুতি প্ৰদান কৰি গ’ল ৷ ইয়াৰ ব্যতিক্ৰম নহ’ল শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কাইটীয়া গাঁৱত ৷ অৰ্থাৎ শাসক বিৰোধী দলৰ জনপ্ৰতিনিধিসকলে এইবাৰো কাইটীয়া গাঁৱৰ শতাধিক ভূমিহীন বানাক্ৰান্তক পূৰ্বৰ প্ৰতিশ্ৰুতিকে দোহাৰি গ’ল ৷
তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ গাখীৰভেটি গাঁও পঞ্চায়তৰ অন্তৰ্গত কাইটীয়া গাঁৱৰ কৃষক ৰাইজৰ মাটি ভেটি ব্ৰহ্মপুত্ৰ নদীত জাঁহ যোৱা ঘটনাই আজি ২৮ টা বছৰ অতিক্ৰম কৰিলে ৷ ১৯৯২ চনৰ ১৩ এপ্ৰিলত ব্ৰহ্মপুত্ৰ নদীৰ বান গৰাখহনীয়াত বিলীন হৈ যোৱা শদিয়া বিধানসভা সমষ্টিৰ গাখীৰভেটি গাঁও পঞ্চায়ত অন্তৰ্গত কাইটীয়া গাঁৱৰ ১০২ টা ভূমিহীন পৰিয়ালে বিগত ২৮ টা বছৰে পুনৰ সংস্থাপন নাপালে৷ গৰাখহনীয়াত সৰ্বস্ব হেৰুৱাই শ্ৰমদানৰ টকাৰে এক নং কৰ্দৈগুৰিত এবিঘা মাটি ক্ৰয় কৰি বাঁহৰ বেৰা দিয়া ঘৰ সাজি ১২ টা বানাক্ৰান্ত ভূমিহীন পৰিয়ালে যমৰ যন্ত্ৰণাত জীৱন কটাব লগীয়া হৈছে ৷ এসাঁজ খাই দুসাঁজ নোখোৱাকৈ যমৰ যন্ত্ৰণাত জীৱন কটোৱা ভূমিহীন পৰিয়ালকেইটাক পুনৰ সংস্থাপন দিয়াৰ সকলো ক্ষমতা চৰকাৰৰ হাততহে ন্যস্ত আছে যদিওঁ চৰকাৰে কাইটীয়া গাৱঁৰ এইসকল ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপনৰ কোনো ব্যৱস্থাই নকৰিলে ৷
চৰকাৰসমূহে কাইটীয়া গাৱঁৰ ভূমিহীন পৰিয়ালকেইটালৈ এবাৰলৈও উভতি নাচালে ৷ উল্লেখযোগ্য যে, বান গৰাখহনীয়াত সৰ্বস্ব হেৰুৱাই ভূমিহীন হৈ কাইটীয়াৰ এই বাৰটা পৰিয়ালে এতিয়া দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিব লগা হৈছে ৷ এইসকল ভূমিহীন লোকৰ দান বৰঙণিৰ টকাৰে ক্ৰয় কৰা উক্ত এবিঘা মাটিৰ এচুকত কাইটীয়া গাঁৱৰ পৰিচয় ধৰি ৰাখিবলৈ বানাক্ৰান্তই স্বজ্ঞানে চৰকাৰী কাইটীয়া গাঁও প্ৰাথমিক বিদ্যালয়খন স্থাপন কৰি দিয়ে ৷ বৰ্তমানে বানাক্ৰান্তই নিৰ্মাণ কৰি দিয়া কাইটীয়া গাঁও প্ৰাথমিক বিদ্যালয়খনত তিনিগৰাকী চৰকাৰী বেতনভোগী শিক্ষকে চাকৰি কৰি আছে ৷ মনকৰিব লগীয়া যে সন্মুখত কাইটীয়া প্ৰাথমিক বিদ্যালয় তাৰ পাছফালে কাইটীয়া গাৱঁৰ উক্ত বাৰটা ভূমিহীন পৰিয়ালে ২৮ টা বছৰে পুনৰ সংস্থাপনৰ আশা পালি চৰকাৰ তথা আমোলা বিষয়া আৰু জনপ্ৰতিনিধিলৈ আশাৰে বাট চাই আছে ৷ বিহুৰ উৎসাহ উদ্দীপনায়ো চুব পৰা নাই আশ্ৰয় শিবিৰত যমৰ যন্ত্ৰণাত জীৱন কটোৱা এই ১২ টা দুৰ্গত পৰিয়ালক ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|