দুৰাৰোগ্য ৰোগত আক্ৰান্ত কণমানি কাব্যনীল, আৰ্থিকভাৱে জুৰুলা পৰিয়ালটোক প্ৰয়োজন আপোনাৰ সহায়ৰ

News18 Assam | News18-Assam
Updated:October 20, 2020, 2:09 PM IST
দুৰাৰোগ্য ৰোগত আক্ৰান্ত কণমানি কাব্যনীল, আৰ্থিকভাৱে জুৰুলা পৰিয়ালটোক প্ৰয়োজন আপোনাৰ সহায়ৰ
কাব্যনীলৰ পিতৃ অৱণী শৰ্মা আৰু মাতৃ স্বপ্না মেধীয়ে তেওঁলোকৰ সন্তানৰ চিকিৎসাৰ বাবে ৯ মাহৰ পৰা চেন্নাইৰ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাই জুৰুলা হৈ পৰিছে৷

কাব্যনীলৰ পিতৃ অৱণী শৰ্মা আৰু মাতৃ স্বপ্না মেধীয়ে তেওঁলোকৰ সন্তানৰ চিকিৎসাৰ বাবে ৯ মাহৰ পৰা চেন্নাইৰ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাই জুৰুলা হৈ পৰিছে৷

  • Share this:
তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপাইৰ লাচিত নগৰ ঔগুৰিৰ এটি মৰম লগা চাৰি বছৰীয়া শিশু, নাম কাব্যনীল শৰ্মা৷ জন্মৰে পৰা HYPERINSULINEMIC HYPOGLYCEMIA নামৰ দুৰাৰোগ্য ৰোগত ভুগি আছে শিশুটি৷ পৰিয়ালৰ লোকে শিশুটিৰ চিকিৎসাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চেন্নাইৰ এপল' শিশু চিকিৎসালয়লৈ নিয়ে যদিও বৰ্তমানলৈকে সুস্থ হৈ উঠা নাই শিশুটি৷

কাব্যনীলৰ পিতৃ অৱণী শৰ্মা আৰু মাতৃ স্বপ্না মেধীয়ে তেওঁলোকৰ সন্তানৰ চিকিৎসাৰ বাবে ৯ মাহৰ পৰা চেন্নাইৰ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাই জুৰুলা হৈ পৰিছে৷ শিশুটিৰ পিতৃ ৰূপাইৰ এটা ব্যক্তিগত চাহ ফেক্টৰীত অস্থায়ী শ্ৰমিকৰূপে কৰ্মৰত৷ বিগত সময়ছোৱাত ঘৰৰ সমস্ত বিক্ৰী কৰি উপায়হীন হৈ সহায় বিচাৰিছে চৰকাৰ, জনপ্ৰতিনিধি, দল–সংগঠনৰ লগতে হৃদয়য়বান ব্যক্তিৰ৷

লগতে এনে ধৰণৰ ৰোগক দুৰাৰোগ্য ৰোগৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে কাব্যনীলৰ মাতৃয়ে৷ যদি কোনো সদাশয় ব্যক্তিয়ে আৰ্থিকভাৱে জুৰুলা পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে কাব্যনীলৰ মাতৃ স্বপ্না মেধীৰ SBI একাউণ্ট নম্বৰ 34872558426, IFSC - SBIN0002099ত ধন জমা দিব পাৰিব। 9957817604 , 8011511409 নম্বৰত পৰিয়ালৰ সৈতেও যোগাযোগ কৰিব পাৰিব৷
Published by: Sanjay Kumar Das
First published: October 20, 2020, 2:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading