একগোট হৈছে অসমীয়া, CAA বিৰোধী আন্দোলনৰে জড়িত গোচৰত সাঙোৰ খোৱাসকলক বিনামূলীয়া আইনী সেৱা

News18 Assam | News18-Assam
Updated:December 27, 2019, 11:23 AM IST
একগোট হৈছে অসমীয়া, CAA বিৰোধী আন্দোলনৰে জড়িত গোচৰত সাঙোৰ খোৱাসকলক বিনামূলীয়া আইনী সেৱা
FILE PHOTO

এই আইনী সাহায্য ল’ব বিচৰা ভুক্তভোগী লোকসকলে গোচৰ পৰিচালনাৰ বাবে দিব নালাগে কোনো মাচুল। গোচৰ চলাবলৈ প্ৰয়োজনীয় ওকালতনামা, জামিননামা আদিও বিনামূলীয়াকৈ যোগান ধৰিব সন্থাই।

  • News18 Assam
  • Last Updated: December 27, 2019, 11:23 AM IST
  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে একগোট হৈছে অসমীয়া। হাতে হাত ধৰি বিতৰ্কিত আইনখনৰ বিৰুদ্ধে ওলাই আহিছে সকলো। CAAবিৰোধী আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ হৈছে বহু লোক। সেই লোকসকলক বিনামূলীয়া আইনী সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে তিনিচুকীয়া উকিল সন্থাই। এই আইনী সাহায্য ল’ব বিচৰা ভুক্তভোগী লোকসকলে গোচৰ পৰিচালনাৰ বাবে দিব নালাগে কোনো মাচুল। গোচৰ চলাবলৈ প্ৰয়োজনীয় ওকালতনামা, জামিননামা আদিও বিনামূলীয়াকৈ যোগান ধৰিব সন্থাই।

যিসকলে এই সাহায্য ল’ব বিচাৰে তেওঁলোকক সন্থাৰ সভাপতি বা সম্পাদকৰ সৈতে যোগযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ বাবে তিনিচুকীয়া উকিল সন্থাই দিছে সভাপতি–সম্পাদকৰ লগতে বিষয়ববীয়াসকলৰ ফোন নম্বৰ।

১) ৰঞ্জিত কুমাৰ বৰঠাকুৰ, সভাপতি, তিনিচুকীয়া উকিল সন্থা, ফোন – ৯৪৩৫০৩৭৩৩৫

২) বিশ্বজিত প্ৰসাদ, সম্পাদক, তিনিচুকীয়া উকিল সন্থা, ফোন – ৯৪৩৫০৩৬৪৯৮
৩) প্ৰাণেশ ৰয়, সহঃ সম্পাদক, তিনিচুকীয়া উকিল সন্থা, ফোন – ৯৪৩৫০৩৭৯৮০
৪) অংশুমান ভৰদ্বাজ, অধিবক্তা, তিনিচুকীয়া উকিল সন্থা, ফোন – ৭০০২২৪৮১১০
৫) গৌতম বৰকটকী, অধিবক্তা, তিনিচুকীয়া উকিল সন্থা, ফোন – ৯৯৫৪২৮০৫৪২

৬) দ্বীপ সোণোৱাল, অধিবক্তা, তিনিচুকীয়া উকিল সন্থা, ফোন – ৭৬৩৭৮৮৯৬২২
৭) ৰণ্টু বৰা, অধিবক্তা, তিনিচুকীয়া উকিল সন্থা, ফোন – ৮৮৭৬৪১৮৮৫৫
৮) বীণা ডেকা, অধিবক্তা, তিনিচুকীয়া উকিল সন্থা, ফোন – ৭০০২৭২০৬১২
৯) সঞ্জয় চেতিয়া, অধিবক্তা, তিনিচুকীয়া উকিল সন্থা, ফোন – ৯৪৩৫৩৩৮২০১
১০) নীলোৎপল ফুকন, অধিবক্তা, তিনিচুকীয়া উকিল সন্থা, ফোন – ৯৯৫৪২২১৫৪৫

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

Published by: Sanjay Kumar Das
First published: December 27, 2019, 11:23 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading