কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে তিনিচুকীয়া জিলাৰ চিকিত্সক ডা০ প্ৰদীপ কুমাৰ শৰ্মাই।
কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে তিনিচুকীয়া জিলাৰ চিকিত্সক ডা০ প্ৰদীপ কুমাৰ শৰ্মাই।
কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে তিনিচুকীয়া জিলাৰ চিকিত্সক ডা০ প্ৰদীপ কুমাৰ শৰ্মাই। তিনিচুকীয়া গেলাপুখুৰী পথৰ বাসিন্দা ৭৫ বছৰীয়া ডা০ শৰ্মাই বৃহস্পতিবাৰে দিনৰ প্ৰায় ১.৫০ বজাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে।
উল্লেখ্য যে, হৃদৰোগৰ লগতে বিভিন্ন বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত জিলাখনৰ জ্যেষ্ঠ চিকিৎসক শৰ্মাই শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰাত যোৱা ১৪ জুলাইত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। আৰু স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত চিকিত্সকজনৰ দেহত কোৰোণা ধৰা পৰিছিল।
বুধবাৰে পুৱা চিকিত্সকগৰাকীৰ স্বাস্থ্য অধিক অৱনতি ঘটে। আৰু মৃত্যুক আঁকোৱালি লয়। মৃত্যুৰ সময়ত পত্নীৰ লগতে একমাত্ৰ জী আৰু এগৰাকী ভগ্নীক ইহ সংসাৰত এৰি থৈ যোৱা ডা০ শৰ্মা আছিল দুখীয়াৰ বন্ধু। ৮০ দশকৰ পৰাই দুখীয়া লোকৰ পৰা কোনো ধৰণৰ মাছুল নোলোৱাকৈ চিকিত্সা সেৱা আগবঢ়াই আহিছিল চিকিত্সক ডা০ প্ৰদীপ কুমাৰ শৰ্মাই।
চিকিত্সক শৰ্মাৰ মৃত্যুত ৰাজ্যৰ শ্ৰম মন্ত্ৰী তথা তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষানৰ লগতে তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি জয়ন্ত কলিতা, বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|