যুটীয়া স্বাস্থ্য সঞ্চালক আক্ৰান্ত হ’ল কোৰোণাত, সংস্পৰ্শলৈ আহিছিল মন্ত্ৰী আৰু জিলা উপায়ুক্তৰ
যুটীয়া স্বাস্থ্য সঞ্চালক আক্ৰান্ত হ’ল কোৰোণাত, সংস্পৰ্শলৈ আহিছিল মন্ত্ৰী আৰু জিলা উপায়ুক্তৰ
তিনিচুকীয়াত ভয়ংকৰ গতিত বৃদ্ধি পাইছে কোৰোণাৰ সংক্ৰমণ। জিলাখনত কোৰোণাৰ সামাজিক সংক্ৰমণ হোৱাৰো আশংকা কৰা হৈছে। বিভিন্ন প্ৰান্তত ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন। কোৰোণাৰ এনে আতংকময় পৰিৱেশৰ মাজতে চিনিচুকীয়াৰ স্বাস্থ্য বিভাগৰ মুৰব্বী, যুটীয়া স্বাস্থ্য সঞ্চালক আলতাফ আহমেদ আক্ৰান্ত হৈছে কোৰোণাত।
বৰ্তমান আলতাফ আহমেদক তিনিচুকীয়াৰ ম'হ খোলিস্থিত কোৱাৰেণ্টাইন চেন্টাৰত ৰখা হৈছে। ইফালে যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে। জানিব পৰা মতে, শুকুৰবাৰে যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকী ৰাজ্যৰ শ্ৰম মন্ত্ৰী তথা তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ আৰু তিনিচুকীয়াৰ উপায়ুক্তৰ লগত এখন বৈঠকত মিলিত হৈছিল।
তিনিচুকীয়া জিলাৰ ডুমডুমা,শদিয়া,মাৰ্ঘেৰিটা, ডিগবৈ, তালাপ, কাকপথাৰ আদি অঞ্চলত কোৰোণাৰ সংক্ৰমণ দিনে দিনে বৃদ্ধি পোৱাৰ ফলত তিনিচুকীয়া জিলা প্ৰশাসনে ল’ক ডাউন ঘোষণাৰ সন্দৰ্ভত বাবে অসম চৰকাৰৰ লগত আলোচনা কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, তিনিচুকীয়াত বৰ্তমানলৈকে মুঠ ৪৫৭ জনৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|