உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে আগুৱাই দিয়া হৈছে বিদ্যালয়ৰ গৰমৰ বন্ধ, জনালে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

    ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে আগুৱাই দিয়া হৈছে বিদ্যালয়ৰ গৰমৰ বন্ধ, জনালে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

    পূৰ্বতকৈ এইবাৰ সোনকালে হ’ব গুণোৎসৱ। নৱেম্বৰ মাহত গুণোৎসৱ আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰা হৈছে বুলিও সংবাদ মাধ্যমৰ আগত সদৰি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

    • Share this:
    বান পৰিস্থিতিৰ বাবে এইবাৰ আগুৱাই দিয়া হৈছে বিদ্যালয়সমূহৰ গৰমৰ বন্ধ। ২৫ জুনৰ পৰা ২৫ জুলাইলৈ গৰমৰ বন্ধ। মহাবিদ্যালয়ৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। এই কথা জনালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

    গুণোৎসৱক লৈ শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, গুণোৎসৱৰ ফলাফল এতিয়াও ঘোষণা কৰিবলৈ বাকী আছে। বানপানী হোৱাৰ বাবে কিছুমান জিলাত গুণোৎসৱ অনুষ্ঠিত কৰিব পৰা নাই।কিন্তু,তাতো কিছুদিনৰ পিছত হ’লেও গুণোৎসৱ আৰম্ভ হ’ব।

    পূৰ্বতকৈ এইবাৰ সোনকালে হ’ব গুণোৎসৱ। নৱেম্বৰ মাহত গুণোৎসৱ আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰা হৈছে বুলিও সংবাদ মাধ্যমৰ আগত সদৰি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

    শিক্ষকক আন কামত জড়িত কৰা সন্দৰ্ভত ৰণোজ পেগুৱে কয়, সকলো চৰকাৰী কামেই সকলো চৰকাৰী কৰ্মচাৰীয়ে কৰিব লাগে। নিৰ্বাচন-অম্বুবাচী মেলাত শিক্ষক জড়িত হোৱাটোত কিহৰ বাবে ইমান হাল্লা হৈছে? বহু প্ৰধান শিক্ষকে যে ঘৰত কিবা অনুষ্ঠান থাকিলেই বিদ্যালয় বন্ধ দিয়ে,সেইবোৰত কিয় হাল্লা নহয়? অন্য কামত জড়িত হৈ থকা শিক্ষকৰ তালিকা প্ৰস্তুত হৈ আছে। সকলোৰে বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব।

    শিক্ষা মন্ত্ৰীগৰাকীয়ে কয়, প্ৰথম পৰ্যায়ত সকলো শিক্ষকক স্ক্ৰীনিং কৰি থকা হৈছে। প্ৰথম এলআইচি এজেণ্টৰ তালিকা ৰাজহুৱা হৈছে। আগলৈ আৰু কৰা হ’ব। নিয়মৰ বিৰুদ্ধে যোৱাসকলৰ বিৰুদ্ধে কঠোৰ হ’ব চৰকাৰ।
    Published by:Sanjay Kumar Das
    First published: