• Home
  • »
  • News
  • »
  • assam
  • »
  • ৬২৫২ জন ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ আগবঢ়াইছে ৬.৫ কোটি টকা

৬২৫২ জন ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ আগবঢ়াইছে ৬.৫ কোটি টকা

ক’ৰোণাৰ বিৰুদ্ধে যুঁজ দিবলৈ বিভিন্নজনে সাহায্য আগবঢ়াইছে মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ

ক’ৰোণাৰ বিৰুদ্ধে যুঁজ দিবলৈ বিভিন্নজনে সাহায্য আগবঢ়াইছে মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ

ক’ৰোণাৰ বিৰুদ্ধে যুঁজ দিবলৈ বিভিন্নজনে সাহায্য আগবঢ়াইছে মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ

  • Share this:
সৰ্বত্ৰ এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস। অসমতো এতিয়া ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে ক’ৰোণা ভাইৰাছে। ইতিমধ্যে অসমৰ ৬জন লোকৰ দেহত ক’ৰোণাৰ অৱস্থিতি ধৰা পৰিছে।লগতে মন্ত্ৰী শৰ্মাই যোৰহাট আৰু ডিব্ৰুৱগড়ৰ পৰা আজিৰ বিয়লি লৈকে ক’ৰোণা পজিটিভ ৰিপৰ্ট অহাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে।

ক’ৰোণাৰ বিৰুদ্ধে যুঁজ দিবলৈ এতিয়া বিভিন্নজনে সাহায্য আগবঢ়াইছে মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ। বুধবাৰে সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে যে, আজিৰ দিনটোলৈকে ৬২৫২ জন ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ আগবঢ়াইছে ৬.৫ কোটি টকা।

ইফালে ক’ৰোণাৰ বিৰুদ্ধে গাঁৱে গাঁৱে সজাগতামূলক কাৰ্যসূচী চলাই থকা আশাকৰ্মীক অহা তিনি মাহ পৰ্যন্ত এহাজাৰকৈ টকা কেন্দ্ৰীয় চৰকাৰে অতিকিক্ত ভাবে দিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by:Himangshu Bhuyan
First published: