যোৰহাট থানালৈ অনাৰ পিছতে চুৰুণী TikTokৰাণীক দেখি চকু কপালত উঠিল আৰক্ষীৰ... কাৰণ জানিলে আচৰিত হ’ব আপুনি

News18 Assam | News18-Assam
Updated:May 31, 2020, 7:44 PM IST
যোৰহাট থানালৈ অনাৰ পিছতে চুৰুণী TikTokৰাণীক দেখি চকু কপালত উঠিল আৰক্ষীৰ... কাৰণ জানিলে আচৰিত হ’ব আপুনি
চোৰ কৰাৰ পিছত ঘৰলৈ যাবলৈ সহায় লৈছিল আৰক্ষীৰ

চোৰ কৰাৰ পিছত ঘৰলৈ যাবলৈ সহায় লৈছিল আৰক্ষীৰ

  • Share this:
যোৰহাটত চুৰি কৰি গ্ৰেপ্তাৰ হোৱা ‘টিকটক বাইদেউ’ৰ কাহিনী শুনিলে আপোনাৰ চকু কপালত উঠিব। টিকটক বাইদেউৱে যোৰহাটৰ পৰিয়ালটোৰ পৰা চুৰি কৰি কৌশলেৰে ওলাই অহাৰ পিছত ভুৱা পৰিচয়েৰে উক্ত নিশা অতিথি হৈ আছিল যোৰহাট আৰক্ষীৰ থানাৰ। গ্ৰেপ্তাৰ হোৱাৰ পিছত বৰ্তমান বাইদেউক দেখি চকু কপালত উঠিছে যোৰহাট সদৰ থানাৰ আৰক্ষীৰ।

কেইদিনমান পূৰ্বে চুৰি হোৱা সামগ্ৰীৰ সৈতে টিকটক ভিডিঅ’ বনোৱা চুমি কলিতাই সমগ্ৰ অসমতে চৰ্চা লাভ কৰিছিল। প্ৰথমবাৰৰ বাবে এই বাতৰি প্ৰকাশ পাইছিল নিউজ18 ত । কিন্তু এই টিকটক বাইদেউৰ প্ৰকৃত নাম-ঠিকনা সকলো বেলেগ । বাইদেউৰ নাম হ’ল অনামিকা লাহন। ঘৰ বেদেতিত। ইতিমধ্যে যোৰহাট আৰক্ষীয়ে ঘাহিগাঁও আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিছে চুমি ওৰফে অনামিকাক। দেওবাৰে পুৱা গহপুৰৰ পৰা যোৰহাট সদৰ থানা আহি পোৱাৰ পিছতে পোহৰলৈ আহে আন এক বিস্ফোৰক তথ্য।

টিকটক বাইদেউক দেখি চকু কপালত উঠে থানাৰ একাংশ আৰক্ষীৰ। কাৰণ যোৱা ৬ মে'ত যোৰহাটৰ পল্লবী ফুকনৰ বাসগৃহৰ পৰা সোণৰ অলঙ্কাৰ সহ বহু মূল্যবান সামগ্ৰী চুৰি কৰি কৌশলেৰে ঘৰৰ পৰা ওলাই অহাৰ পিছত উক্ত দিনা বাইদেউৱে যোৰহাট সদৰ থানাতে নিশা কটায়। অনামিকা ওৰফে চুমিয়ে সেইদিনা সদৰ থানালৈ আহি ল’কডাউনৰ বাবে গুৱাহাটীলৈ যাব নোৱাৰি অসহায় হৈ পৰাৰ ভাও ধৰে। আৰক্ষীয়েও নিয়মানুসৰি চুমিক 'সখী ৱান ষ্টপ' নামৰ এটা মহিলা গৃহত নিশা কটোৱাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে পিছদিনা ঘৰলৈ যোৱাৰ ব্যৱস্থাও কৰি দিয়ে। থানালৈ অহাৰ সময়ত চুমিয়ে চুৰি কৰি অনা বস্তু পিন্ধিও আহিছিল ।

‘চুমি কলিতা ওৰফে অনামিকা নামৰ যুৱতীগৰাকী যোৱা ৬ মে'ত আমাৰ থানালৈ আহি শিৱসাগৰৰ পৰা গুৱাহাটীলৈ যাওতে ল’কডাউনৰ বাবে সমস্যাত পৰা বুলি সহায় বিচাৰিছিল। আমিও অসহায় হৈ পৰা যুৱতীগৰাকীক সুৰক্ষিত স্থান হিচাপে এটা আশ্ৰয় গৃহত থকাৰ ব্যৱস্থা কৰি দিছিলো। আজিহে যুৱতীগৰাকী গ্ৰেপ্তাৰ হোৱাৰ পিছত আচল ৰূপটো জানিব পাৰিছো। অনামিকা পূৰ্বৰ পৰাই পেচাদাৰী ভাৱে অপৰাধৰ লগত জড়িত । " , যোৰহাট সদৰ থানাৰ অ'চি অনন্ত দাসে এনেদৰে কয় ।

দীৰ্ঘদিন ধৰি চুমি কলিতা ওৰফে অনামিকাই এনে ধৰণৰ অপৰাধ অতি কৌশলেৰে সংঘটিত কৰি আহিছিল । অতি দুখীয়া ,অসহায় ছোৱালীৰ ভেশ ধৰি থকা চুমিৰ ঘাহিগাওঁ স্থিত ভাড়াঘৰৰ ৰূপ দেখি আচৰিত হৈ পৰে তদন্তকাৰী আৰক্ষীৰ লগতে সকলো। কাৰণ নতুনকৈ লোৱা ভাড়াঘৰটো চুমিয়ে সজাই তুলিছিল ৰিফ্ৰিজেৰেটৰ , ৱাচিঙ মেছিন , আলমাৰিকে ধৰি বহু দামী দামী সামগ্ৰীৰে। আনহাতে টিকটক বাইদেউৰ খাদ্যাভ্যাসে চকু কপালত তুলিছে সকলোৰে । আৰক্ষীয়ে চুমি কলিতাৰ ভাড়াঘৰৰ পৰা এনে বহু সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে জব্দ কৰিছে একাংশ চুৰি হোৱা সামগ্ৰী ।

" তাই থকা ঘৰৰ অৱস্থা দেখি আমি অবাক হৈ পৰিছো । আমাৰ ঘৰত থাকোতে তাইৰ হাতত টকা-পইচা নাছিল । কিন্তু এতিয়া তাই খোৱা চাউলৰ মূল্য হ’ল কেজিত ৩৫০ টকা । আটাৰ মূল্য হল কেজিত ৮০০ টকা । আমাৰ ঘৰৰ পৰা চুৰি কৰি নিয়া বহু সোণৰ অলঙ্কাৰ তাইৰ ঘৰটোত পোৱা নাই ।", চুৰিকাণ্ডৰ বলি হোৱা ভুক্তভুগী পল্লবী ফুকনে এনেদৰে কয় ।
First published: May 31, 2020, 7:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি