• Home
  • »
  • News
  • »
  • assam
  • »
  • চুৰুনী ‘Tiktokৰাণী’ এতিয়া গহপুৰ থানাৰ আলহী

চুৰুনী ‘Tiktokৰাণী’ এতিয়া গহপুৰ থানাৰ আলহী

সোণৰ অলঙ্কাৰ , দামী দামী পোচাক , ঘড়ী চুৰি কৰি নিয়াৰ পিছত লোভ সামৰিব নোৱাৰি প্ৰস্তুত কৰিছিল টিকটক ভিডিঅ’

  • Share this:
টিকটক কৰি ভাল পোৱা এগৰাকী যুৱতী, নাম অনামিকা লাহন। আজি টিকটকৰ বাবেই ৰঙাঘৰৰ আলহী যুৱতীগৰাকী। শুকুৰবাৰে নিশা ১১:৩০ বজাত  বিশেষ সূত্ৰৰ পম খেদি গহপুৰৰ ঘাঁহিগাওঁ আৰক্ষীৰ দলে মহিলা আৰক্ষীৰ সহযোগত আটক কৰি গহপুৰ থানালৈ লৈ আহে অনামিকা লাহনক।

উল্লেখ্য যে, যুৱতীয়ে এটা পৰিয়ালৰ পৰা চুৰি কৰিছিল বৃহৎ পৰিমাণৰ সোণৰ অলঙ্কাৰ। অলঙ্কাৰৰ লগতে চুৰি কৰি নিছিল ভাল ভাল ডিজাইনৰ কাপোৰ , ঘড়ীকে ধৰি আন বহু সামগ্ৰী। পিছত চুৰি কৰি অনা পোছাক আৰু অলংকাৰ পৰিধান কৰি যুৱতীগৰাকীয়ে নিৰ্মাণ কৰিছিল ইটোৰ পিছত সিটো টিকটক ভিডিঅ’।

আৰক্ষীয়ে জনোৱা মতে, বৰ্তমান ঘটনাৰ সন্দৰ্ভত সোধা-পোছা কৰা হৈছে যুৱতীগৰাকীক। ইফালে যুৱতীগৰাকীয়ে সঘনাই সলনি কৰিছিল নিজৰ নাম। ইতিমধ্যে সোণৰ গহনা চুৰি কৰা যোৰহাটৰ পৰিয়ালটিৰগৰাকীয়ে  যুৱতীগৰাকী বিবাহিত বুলি জনাইছে।

First published: