
প্ৰতীকী ফটো
শোণিতপুৰৰ বৰছলাতো পুনৰ বাঘৰ আতংক৷ ঢেকীয়াপতীয়া বাঘে নিশা বৰছলাৰ মাধৱ সৰকাৰৰ ঘৰত নিধন কৰিলে চাৰিটা ভেৰা ছাগলী৷
আইআইটি গুৱাহাটীৰ প্ৰৱেশ দ্বাৰত বাঘৰ আতংক। নিশা পোৱালিসহ নাহৰফুটুকী প্ৰত্যক্ষ কৰিলে ডাম্পাৰ চালকে। আই আই টিৰ পৰা শিশু গ্ৰামৰ হাবিত প্ৰৱেশ কৰা প্ৰত্যক্ষ কৰে চালকে। গাড়ীৰ ভিতৰৰ পৰা কেমেৰাত আবদ্ধ কৰিলে ফটো। কেইবাটাও নাহৰফুটুকীয়ে অঞ্চলটোত বিচৰণ কৰাৰ অভিযোগ স্থানীয় লোকৰ। অবাধ পাহাৰ ধ্বংসৰ বাবে জনাঞ্চললৈ ওলাই আহিছে নাহৰফুটুকী।
আনহাতে, শোণিতপুৰৰ বৰছলাতো পুনৰ বাঘৰ আতংক৷ ঢেকীয়াপতীয়া বাঘে নিশা বৰছলাৰ মাধৱ সৰকাৰৰ ঘৰত নিধন কৰিলে চাৰিটা ভেৰা ছাগলী৷ কাহিলী পুৱাতে পথাৰৰ মাজত একাংশই প্ৰত্যক্ষ কৰে বাঘটো৷ বিগত ১৫ দিন ধৰি এটা ঢেকীয়াপতীয়া বাঘে অঞ্চলটোত সন্ত্ৰাস চলাই আহিছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|