কাজিৰঙাৰ হালধিবাৰীত ঢেকীপতীয়াৰ আতংক, কথমপি প্ৰাণ ৰক্ষা মাতৃ–কন্যাৰ

News18 Assam | News18-Assam
Updated:November 16, 2020, 9:15 AM IST
কাজিৰঙাৰ হালধিবাৰীত ঢেকীপতীয়াৰ আতংক, কথমপি প্ৰাণ ৰক্ষা মাতৃ–কন্যাৰ
বাঘৰ বিচৰণৰ কথা বন বিভাগক অৱগত কৰাৰ পিছতো বন বিভাগে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ৷

বাঘৰ বিচৰণৰ কথা বন বিভাগক অৱগত কৰাৰ পিছতো বন বিভাগে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ৷

  • Share this:
দেওবাৰে নিশা কাজিৰঙাৰ হালধিবাৰীত ঢেকীপতীয়াৰ আতংক৷ সন্ধিয়াতে এঘৰৰ চোতালত বাঘে নিধন কৰিলে গৰু। কথমপি ৰক্ষা পৰিল মাতৃ–কন্যাৰ৷ কাজিৰঙাৰ তৃতীয় সংযোজনৰ সদ্য উচ্ছেদিত হালধিবাৰীত দিন–দুপৰতে বিচৰণ কৰা এটা ঢেকীয়াপতীয়া বাঘে দাঁতি কাষৰীয়া ৰাইজক কেইবাদিনো ধৰি আতংকিত কৰি আহিছে৷ বাঘৰ বিচৰণৰ কথা বন বিভাগক অৱগত কৰাৰ পিছতো বন বিভাগে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ৷

দেওবাৰে সন্ধিয়া এটা উচ্ছেদিত পৰিয়ালৰ ঘৰৰ চোতালত সন্ধিয়াতে বাঘে গৰু নিধন কৰাত আতংকিত হৈ পৰে স্থানীয় ৰাইজ৷ ৰাইজৰ অভিযোগ, বন বিভাগে স্থানীয় ৰাইজ তথা পশুধনৰ নিৰাপত্তাত অকনো গুৰুত্ব প্ৰদান কৰা নাই৷ ৰাইজৰ দাবী, বাঘে নিধন কৰা পশুধনৰ ক্ষতিপূৰণ বন বিভাগে শীঘ্ৰে দিয়াৰ ব্যৱস্থা কৰাৰ লগতে স্থানীয় লোকৰ নিৰাপত্তা সুনিশ্চিত কৰক৷
Published by: Sanjay Kumar Das
First published: November 16, 2020, 9:15 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading