ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বাঘটোৱে ৩–৪ দিনৰ পৰাই অঞ্চলটোত মুক্ত বিচৰণ কৰি আছিল ৷ আজি পুৱা ছাত্ৰজন পথাৰলৈ যাওঁতে আক্ৰমণ কৰে বাঘটোৱে৷
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বাঘটোৱে ৩–৪ দিনৰ পৰাই অঞ্চলটোত মুক্ত বিচৰণ কৰি আছিল ৷ আজি পুৱা ছাত্ৰজন পথাৰলৈ যাওঁতে আক্ৰমণ কৰে বাঘটোৱে৷
দৰঙৰ দলগাঁৱৰ ১নং কছাৰীভেটি টোপগাঁৱত ঢেকীয়াপতীয়া বাঘৰ আতংক৷ ঢেকীয়াপতীয়া বাঘৰ আক্ৰমণত ইমৰান ফৰহাদ আলী নামৰ এজন ১৪ বছৰীয়া ছাত্ৰ গুৰুতৰভাৱে আহত হৈছে৷ আহত ইমৰান ফৰহাদ অষ্টম শ্ৰেণীৰ ছাত্ৰ৷
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বাঘটোৱে ৩–৪ দিনৰ পৰাই অঞ্চলটোত মুক্ত বিচৰণ কৰি আছিল ৷ আজি পুৱা ছাত্ৰজন পথাৰলৈ যাওঁতে আক্ৰমণ কৰে বাঘটোৱে৷
স্থানীয় ৰাইজৰ সহযোগত ছাত্ৰজনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও অৱস্থা সংকটজনক হোৱাত জি এম ছি এইচলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে৷
বন বিভাগে বাঘটোক উদ্যানখনলৈ ঘূৰাই পঠিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে৷ ঘটনাক কেন্দ্ৰ কৰি ১নং কছাৰীভেটি টোপগাঁৱত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|