কথাতে কয় বাঘে-ছাগে একেটা ঘাটতে। তেনে এক দৃশ্যই দেখা গ'ল শোণিতপুৰৰ বৰছলাত ৷ বৰছলাৰ নিজ বৰছলাত পথাৰত দিন দুপৰতে ঢেকীয়াপতীয়া বাঘ, মানুহ আৰু গৰু একেলগে দেখা গ’ল ৷ বাঘৰ আক্ৰমণত এজন লোক আঘাতপ্ৰাপ্ত হৈছে ৷ বাঘৰ আক্ৰমণত আঘাতপ্ৰাপ্ত লোক প্ৰেম কোচ নামৰ ব্যক্তিজনক সংকট জনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷
শোণিতপুৰ জিলাৰ বৰছলাত বিগত ১৭ দিন ধৰি এটা ঢেকীয়াপতীয়া বাঘে সন্ত্ৰাস চলাই থকাত স্থানীয় ৰাইজ বাৰুকৈয়ে শংকিত হৈ পৰিছে। খাদ্যৰ সন্ধানত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনাঞ্চললৈ ওলাই অহা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘটোৱে উদ্যানখনৰ কাষৰীয়া নিচলামাৰী, নিজ বৰছলা গাঁওখনত প্ৰৱেশ কৰি গৰু-ছাগলী নিধন কৰি আহিছে।
বুধবাৰে বাঘৰ আক্ৰমণত এজন লোক আঘাত প্ৰাপ্ত হ'বলগীয়া হয়। পথাৰত গৰু আনিবলৈ যোৱা প্ৰেম কোচ নামৰ লোকজনক হঠাৎ ঢেকীয়াপতীয়া বাঘটোৱে আক্ৰমণ কৰে। জানিব পৰা মতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা ঢেকীয়াপতীয়া বাঘ পথাৰৰ মাজত শুই আছিল ৷ তেনে সময়তে গৰু আনিবলৈ যোৱা লোকজনক বাঘটোৱে আক্ৰমণ কৰে ৷ আঘাত প্ৰাপ্ত প্ৰেম কোচক লগে লগে স্থানীয় ৰাইজে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে বিগত প্ৰায় ১৫ দিন ধৰি বৰছলা অঞ্চলত এটা ঢেকীয়াপতীয়া বাঘে উপদ্ৰৱ চলাই আহিছে। বাঘটোৱে ইতিমধ্যে ছয়টা ছাগলী নিধন কৰিছে। বাঘৰ সন্ত্ৰাস ৰোধ কৰিব নোৱাৰা বন বিভাগটোৰ বিৰুদ্ধে ক্ষোভিত হৈছে গঞা ৰাইজ ৷ উল্লেখ্য যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ এই ঢেকীয়াপতীয়া বাঘটোৱে বিগত ১৫দিন পূৰ্বে বৰছলাৰ নিচলামাৰীত বুধেশ্বৰী দাস নামৰ এগৰাকী মহিলাৰ গোহালী ঘৰত প্ৰৱেশ কৰি পশু ধন নিধন কৰি নিশা গোহালীতে কটাইছিল ৷ পিছতে বাঘটোক বন বিভাগৰ লোক ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দিশে খেদি পঠাইছিল ৷
ইয়াৰ পিছতেই বিগত ১৭দিন ধৰি বাঘটোৱে নিশা হ’লেই অঞ্চলটোত প্ৰৱেশ কৰি বহু পশুধন নিধন কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ বাঘৰ সন্ত্ৰাসৰ অঞ্চলটোৰ ৰাইজে নিতৌ উজাগৰী নিশা পাৰ কৰিবলগীয়া হয় ৷ এই ক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোৰ ৰাইজ ক্ষোভিত হৈ পৰিছে বন বিভাগৰ বিৰুদ্ধে ৷
Published by: Manjumoni Borah
First published: January 12, 2022, 20:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|