உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বাঘে–ছাগে একেলগে! কাজিৰঙাৰ কান্ধুলীমাৰীত ভাগৰুৱা বনৰজাই আশ্ৰয় ল’লে ছাগলীৰ গঁৰালত

    বাঘে–ছাগে একেলগে! কাজিৰঙাৰ কান্ধুলীমাৰীত ভাগৰুৱা বনৰজাই আশ্ৰয় ল’লে ছাগলীৰ গঁৰালত

    বানত কাজিৰঙাৰ ৯৫% অঞ্চল বুৰ যোৱাত দিক–বিদিক হেৰুৱাই কাজিৰঙাৰ পৰা ওলাই অহা এটা ঢেকীয়াপতীয়া বাঘে কমল শৰ্মা নামৰ লোকজনৰ ছাগলীৰ গঁৰালৰ তলত আশ্ৰয় লয় পুৱাৰ ভাগত৷

    • Share this:
    বিপদৰ সময়ত বাঘে-ছাগে একেলগে থাকে৷ আজি তেনে এটা ঘটনাই সংঘটিত হল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলৰ পাশ্চৱৰ্তী কান্ধুলীমাৰীত৷ বানত কাজিৰঙাৰ ৯৫% অঞ্চল বুৰ যোৱাত দিক–বিদিক হেৰুৱাই কাজিৰঙাৰ পৰা ওলাই অহা এটা ঢেকীয়াপতীয়া বাঘে কমল শৰ্মা নামৰ লোকজনৰ ছাগলীৰ গঁৰালৰ তলত আশ্ৰয় লয় পুৱাৰ ভাগত৷ বাঘটোৰ বয়স প্ৰায় ৪ বছৰ হ’ব বুলি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে৷ বানৰ বাবে আশ্ৰয় শিবিৰত থকা কমল শৰ্মাই পুৱা ছাগলী মেলিবৰ বাবে আহি গঁৰালৰ তলত আশ্ৰয় লৈ থকা বাঘটো প্ৰত্যক্ষ কৰে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক আৰু উৰ্ধ্বতম বন বিষয়া তথা CWRCৰ চিকিৎসকে সমগ্ৰ পৰিৱেশ প্ৰত্যক্ষ কৰি বাঘটো ভাগৰুৱা হৈ উক্ত স্থানত আশ্ৰয় লোৱাৰ তথ্য সদৰী কৰাৰ লগতে নিশাৰ ভাগত বাঘটো নিজেই আঁতৰি যাব বুলি জানিবলৈ দিছে৷
    Published by:Sanjay Kumar Das
    First published: