মুখ্যপৃষ্ঠা »খবৰ »অসম »Kaziranga National Park | কাজিৰঙাত পৰ্যটকৰ বাহনৰ সন্মুখত ওলাল ঢেকীয়াপতীয়া, অভিভূত পৰ্যটকে কেমেৰাৰ লেন্সত আবদ্ধ কৰিলে দৃশ্য

Kaziranga National Park | কাজিৰঙাত পৰ্যটকৰ বাহনৰ সন্মুখত ওলাল ঢেকীয়াপতীয়া, অভিভূত পৰ্যটকে কেমেৰাৰ লেন্সত আবদ্ধ কৰিলে দৃশ্য

বুঢ়াপাহাৰ আৰু কহঁৰা বনাঞ্চলত কৰা চাৰিটা ছাফাৰীত তিনিবাৰেই বাঘ দেখাৰ সৌভাগ্য হ’ল ফ্ৰান্সৰ পৰ্যটক দম্পতীৰ৷

  • Share this:
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰোমাঞ্চকৰ দৃশ্য- (Kaziranga National Park)৷ পৰ্যটকৰ বাহনৰ সন্মুখত বাঘৰ বিচৰণ৷ ৰোমাঞ্চকৰ শিহৰণকাৰী দৃশ্য দেখি অভিভূত হৈ পৰিল দেশী–বিদেশী পৰ্যটক৷

কহঁৰা বনাঞ্চলত পৰ্যটকৰ বাহনৰ সন্মুখত ওলাল এটা ঢেকীয়াপতীয়া বাঘ। পথৰ ওপৰতে কিছু সময় ইফাল–সিফাল কৰি বাঘটোৱে ঘন জংঘলৰ মাজলৈ সোমাই যায়। এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰয় পৰ্যটকৰ কেমেৰাত।

আনহাতে বুঢ়াপাহাৰ আৰু কহঁৰা বনাঞ্চলত কৰা চাৰিটা ছাফাৰীত তিনিবাৰেই বাঘ দেখাৰ সৌভাগ্য হ’ল ফ্ৰান্সৰ পৰ্যটক দম্পতীৰ৷ বাঘ চোৱাৰ আশাৰে কাজিৰঙালৈ আহি মনৰ আশা পূৰণ হোৱাত উৎফুল্লিত ফৰাচী পৰ্যটক৷

শেহতীয়া বাতৰি