বনৰজাক ওচৰৰ পৰা চাবলৈ এটা অঞ্চলত গঞা ৰাইজৰ ভিৰ৷ বন বিভাগে পিঞ্জৰাবদ্ধ কৰা এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ চাবলৈ লানি নিচিগা ভিৰ শোণিতপুৰৰ বৰছলাৰ বৰভগীয়াত৷ বিগত এমাহ ধৰি বৰছলা অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰা এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ আজি পুৱা পিঞ্জৰাবদ্ধ হয়৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘটোৱে বিগত এমাহ ধৰি আতংকৰ সৃষ্টি কৰিছিল ওদ্যানখনৰ কাষৰীয়া শোণিতপুৰৰ বৰছলা অঞ্চলত। প্ৰায় এমাহ ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই থকা এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘটোক অৱশেষত আজি পুৱা পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হৈছে বন বিভাগে।
বন বিভাগে বৰছলাৰ বৰভগীয়া গাঁৱৰ বাহনিৰ মাজত পতা পিঞ্জৰাত আজি পুৱাৰ ভাগত পিঞ্জৰাবদ্ধ হয় এই প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘটো। পিঞ্জৰাবদ্ধ এই বাঘটোক ৰাজ্যিক চিৰিয়াখানাৰ পৰা অহা পশু চিকিৎসক ডাঃ পৰিক্ষিত কাকতি আৰু বিশেষজ্ঞৰ দলে ট্ৰেংকুলাইজ কৰি ওৰাংৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যায় ৷
উল্লেখযোগ্য যে এই বাঘটোৱে অঞ্চলটোত এমাহ ধৰি বহু ঘৰচীয়া গৰু–ছাগলী নিধন কৰাৰ লগতে এজন ব্যক্তিতো আক্ৰমণ কৰি এক প্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰিছিল ৷ এমাহৰ অন্তত বাঘটোত বন বিভাগৰ পিঞ্জৰাত আবদ্ধ হোৱাত অঞ্চলটোৰ গঞাই স্বস্তিৰ নিশ্বাস পেলাইছে। বাঘটোক পৰৱৰ্তী সময়ত ৰাজ্যিক চিৰিয়াখানালৈ নিব নে ওৰাং ৰাষ্ট্ৰীয় ৰাখিব সেয়া বন বিভাগৰ শীৰ্ষ বিষয়াইহে সিদ্ধান্ত ল’ব বুলি প্ৰকাশ কৰে বন বিভাগৰ বিষয়াই৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|