চৌদিশে বান আৰু কোৰোণাতংকৰ মাজতে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত ওলাল বাঘ। বাঘৰ আতংকত ত্ৰস্তমান গঞা। হাওৰাঘাটৰ যমুনা গাঁৱত পুৱাৰে পৰা এটা বাঘে চলাইছে সন্ত্ৰাস। পথাৰত কঠীয়া ৰুই থাকোতে বাঘৰ অতৰ্কিত আক্ৰমণত গুৰুতৰভাৱে আহত হয় গাঁওখনৰ এজন কৃষক। আহত কৃষকজনৰ নাম জীতেন খাখলাৰী। বৰ্তমান হাওৰাঘাট চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে খাখলাৰী। বন বিভাগে এইপৰ্যন্ত ঘন হাবিত আশ্ৰয় লৈ থকা বাঘটোৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। বানৰ সংহাৰৰ বাবে বাঘটো ওখ ঠাই বিচাৰি কাৰ্বি পাহাৰৰ লৈ অহাৰ সন্দেহ কৰা হৈছে। অঞ্চলটোত এই প্ৰথম বাঘৰ বিচৰণে সমগ্ৰ যমুনাগাঁও-দীঘলীআটি অঞ্চলত তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : July 30, 2020, 01:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|