
কিন্তু ই পুনৰ উত্তৰাখণ্ডৰ ঘটনা বুলি এতিয়া দেশজুৰি ভাইৰেল হৈ আছে।
কিন্তু ই পুনৰ উত্তৰাখণ্ডৰ ঘটনা বুলি এতিয়া দেশজুৰি ভাইৰেল হৈ আছে।
এজন চাইকেল আৰোহীক এটা নাহৰফুটুকী বাঘে হঠাতে আক্ৰমণ কৰা এটি ভিডিঅ’ সম্প্ৰতি ৰাষ্ট্ৰজুৰি ভাইৰেল হৈ আছে। উত্তৰাখণ্ডৰ (Uttarakhand) ঘটনা বুলি ভাইৰেল হোৱা এই ভিডিঅ'টোৰ পটভূমি আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্যতম স্পৰ্শকাতৰ কৰিড'ৰ হালদীবাৰীৰ (video is actually is from Assam)। ২০২২ চনৰ ১৯ জানুৱাৰীত হালদীবাৰী এনিমেল কৰিড'ৰত বাঘৰ আক্ৰমণৰ সন্মুখীন হৈছিল ২২ বছৰীয়া অৰুণ কুমাৰ। এই বিষয়ে ১৬ জুনত NEWS18Assamত বাতৰি প্ৰকাশ পাইছিল।
চাইকেল চলাই যোৱা কুমাৰ বাঘৰ আক্ৰমণৰ বাবে চাইকেলৰ পৰা পৰি যায় যদিও পিছে পিছে আহি থকা এখনত ৰঙা গাড়ী দেখি বাঘটো আঁতৰি যায়। সৌভাগ্যক্ৰমে গুৰুতৰভাৱে আঘাত হোৱাৰ পৰা ৰক্ষা পৰে কুমাৰ। এই ঘটনাৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park) কৰ্তৃপক্ষই সকলোকে সাৱধানতাৰে ৰাস্তাৰে গমন কৰাৰ বাবে আহ্বান জনাইছিল।
আই এফ এছৰ বিষয়া পৰবীন কাছৱানে প্ৰথমবাৰৰ বাবে টুইটাৰযোগে ১৫ জুনত ভিডিঅ’টো শ্বেয়াৰ কৰিছিল, তাৰ পিছত ভাইৰেল হৈছিল (leopard attacking one Cyclist is going viral)। কিন্তু ই পুনৰ উত্তৰাখণ্ডৰ ঘটনা বুলি এতিয়া দেশজুৰি ভাইৰেল হৈ আছে। উল্লেখ্য, হালদীবাৰী এনিমেল কৰিড'ৰ চাঞ্চল্যকৰ ভিডিঅ’টো কেএনপি কৰ্তৃপক্ষই স্থাপন কৰা চিচিটিভি কেমেৰাত বন্দী হৈছিল।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|