তিনি যুৱক ক্ৰমে কামপুৰ পটীয়াপামৰ প্ৰবীণ বৰা আৰু ৰীণা বৰাৰ কনিষ্ঠ পুত্ৰ তন্ময় বৰা, কামপুৰ বনপালি গাঁৱৰ যুৱক দীপাংকৰ গোৱালা আৰু নতুন আদৰ্শ গাঁৱৰ সুভাষ হীৰা।
তিনি যুৱক ক্ৰমে কামপুৰ পটীয়াপামৰ প্ৰবীণ বৰা আৰু ৰীণা বৰাৰ কনিষ্ঠ পুত্ৰ তন্ময় বৰা, কামপুৰ বনপালি গাঁৱৰ যুৱক দীপাংকৰ গোৱালা আৰু নতুন আদৰ্শ গাঁৱৰ সুভাষ হীৰা।
পুনৰ আলফা স্বাধীনলৈ তিনি যুৱক! কামপুৰ পটিয়াপামত তিনিজন যুৱক আলফালৈ যোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ। কৰ্মসূত্ৰে তিনিওগৰাকী কামপুৰৰ বাহিৰৰ বিভিন্ন স্থানৰ পৰা এক সপ্তাহ পূৰ্বে ঘৰলৈ আহি ঘৰৰ পৰা নিৰুদ্দেশ হয়। জানিব পৰা মতে, সুভাষ হীৰাই পৰিয়ালৰ লোকক বাৰ্থডে পাৰ্টীত অংশগ্ৰহণ কৰিব যাওঁ বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিল।সেই যোৱাই সুভাষে আলফাত যোগদান কৰিছে বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে।
তিনি যুৱক ক্ৰমে কামপুৰ পটীয়াপামৰ প্ৰবীণ বৰা আৰু ৰীণা বৰাৰ কনিষ্ঠ পুত্ৰ তন্ময় বৰা, কামপুৰ বনপালি গাঁৱৰ যুৱক দীপাংকৰ গোৱালা আৰু নতুন আদৰ্শ গাঁৱৰ সুভাষ হীৰা। সুভাষ হীৰা ঘৰৰ একমাত্ৰ সন্তান। আনহাতে, এই ঘটনাক লৈ এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে পৰিয়াল তিনিটাৰ মাজত।
উল্লেখযোগ্য যে যুৱক তিনিজনৰ পৰিয়ালৰ লোক আৰু গাঁওবাসীয়ে পৰেশ বৰুৱা আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকৰ পুত্ৰক ঘৰলৈ ঘূৰাই আনিবৰ বাবে আহ্বান জনাইছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|