অচেতন অৱস্থাত উদ্ধাৰ হোৱা যুৱক কেইজন ক্ৰমে জয়ন্ত বৰা, বি কৰ্মকাৰ আৰু সুধীৰ এক্কা বুলি চিনাক্ত কৰা হৈছে।
অচেতন অৱস্থাত উদ্ধাৰ হোৱা যুৱক কেইজন ক্ৰমে জয়ন্ত বৰা, বি কৰ্মকাৰ আৰু সুধীৰ এক্কা বুলি চিনাক্ত কৰা হৈছে।
ভাৰতীয় ৰে'লত নিৰাপত্তাৰ ফোপোলা স্বৰূপ উদঙাই দিলে বিবেক এক্সপ্ৰেছত সংঘটিত এক ঘটনাই। উজনিমুৱা বিবেক এক্সপ্ৰেছত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় তিনিজন লোকক।বিয়লি মৰিয়নি ৰে'ল ষ্টেচনত উপস্থিত হোৱা উজনিমুৱা ০৫৯০৫নং বিবেক এক্সপ্ৰেছৰ ৭নং ডবাত অচেতন অৱস্থাত উদ্ধাৰ হয় ৰে'ল খনৰ তিনিজন যাত্ৰী।
যুৱক তিনিজন কন্যাকুমাৰীৰ পৰা মৰাণ অভিমুখে আহি থকা অৱস্থাত কোনো দুষ্টচক্ৰই নিচাযুক্ত দ্ৰব্য সেৱন কৰাই লগত থকা টকা পইচা লগতে মূল্যৱান সামগ্ৰী লুটি নিয়ে। যুৱক তিনিজনক RPFএ উদ্ধাৰ কৰি মৰিয়নিৰ ৰে'লৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
অচেতন অৱস্থাত উদ্ধাৰ হোৱা যুৱক কেইজন ক্ৰমে জয়ন্ত বৰা, বি কৰ্মকাৰ আৰু সুধীৰ এক্কা বুলি চিনাক্ত কৰা হৈছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|