বাইকৰ গতিয়ে স্তব্ধ কৰিলে ঋষভ, ভৈৰৱ, পুলিনৰ জীৱন : তিনিচুকীয়াৰ মাকুমৰ ভয়ংকৰ দুৰ্ঘটনাত অকালতে হেৰাই গ’ল তিনিজন যুৱক

দুখন দ্ৰুতবেগী বাইকৰ মুখামুখি সংঘৰ্ষত নিহত হয় তিনিজন যুৱক। আন এজন গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত।

News18-Assam
Updated:October 29, 2019, 3:57 PM IST
বাইকৰ গতিয়ে স্তব্ধ কৰিলে ঋষভ, ভৈৰৱ, পুলিনৰ জীৱন : তিনিচুকীয়াৰ মাকুমৰ ভয়ংকৰ দুৰ্ঘটনাত অকালতে হেৰাই গ’ল তিনিজন যুৱক
দুখন দ্ৰুতবেগী বাইকৰ মুখামুখি সংঘৰ্ষত নিহত হয় তিনিজন যুৱক। আন এজন গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত।
News18-Assam
Updated: October 29, 2019, 3:57 PM IST
তিনিচুকীয়াৰ মাকুমত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত অকালতে হেৰাই গ’ল তিনিজন যুৱক। বাইকৰ অত্যধিক গতিয়ে স্তব্ধ কৰিলে তিনি যুৱকৰ জীৱন। দুখন দ্ৰুতবেগী বাইকৰ মুখামুখি সংঘৰ্ষত নিহত হয় তিনিজন যুৱক। আন এজন গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত। দুয়োখন বাইকত আছিল দুজনকৈ আৰোহী। নিহত যুৱককেইজন ক্ৰমে থাৰ্মেলৰ ঋষভ বৰুৱা, জ্যোতিনগৰৰ পুলিন দে’ আৰু ককৰাতলীৰ ভৈৰৱ গোহাঁই। কৃষ্ণ মাহাতো নামৰ গুৰুতৰভাৱে আহত যুৱকজনক নিশাই প্ৰেৰণ কৰা হয় ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ। সংঘৰ্ষৰ ফলত চূৰ্ণ–বিচূৰ্ণ হৈ পৰে ৰয়েল এনফিল্ড আৰু কে টি এম বাইক দুখন।

অকালতে প্ৰাণ হেৰুওৱা ঋষভ বৰুৱা (Photo : Facebook)


নিহত ভৈৰৱ গোহাঁই (Photo : Facebook)


নিহত ভৈৰৱ গোহাঁই (Photo : Facebook)


অকালতে প্ৰাণ হেৰুওৱা ঋষভ বৰুৱা (Photo : Facebook)
আৰু চাওক পৰৱৰ্তী বাতৰি