পূজা চাবলৈ যোৱাই কাল হ’ল বিক্ৰম, শান্তু আৰু ৰিশৱৰ, দুধনৈত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ যুৱকৰ

News18 Assam | News18-Assam
Updated:October 25, 2020, 10:54 AM IST
পূজা চাবলৈ যোৱাই কাল হ’ল বিক্ৰম, শান্তু আৰু ৰিশৱৰ, দুধনৈত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ যুৱকৰ
এল্ট’ৰ চালকজন সৌভাগ্যক্ৰমে ৰক্ষা পৰে যদিও স্কৰপিঅ’ত থকা চাৰিজনৰ ভিতৰত তিনিজন যুৱকে কৰুণ সাবটি ল’বল’গা হয়।

এল্ট’ৰ চালকজন সৌভাগ্যক্ৰমে ৰক্ষা পৰে যদিও স্কৰপিঅ’ত থকা চাৰিজনৰ ভিতৰত তিনিজন যুৱকে কৰুণ সাবটি ল’বল’গা হয়।

  • Share this:
মহাষ্টমীৰ সন্ধিয়া, চিপ চিপ বৰষুণ। অনুষ্টুপীয়াকৈ হ’লেও মণ্ডপে মণ্ডপে চলি আছে পূজা৷ তেনেতে সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ স্থান দুধনৈৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ লেলা৷ তিনিখন বাহনৰ মাজত সংঘৰ্ষ ৷ লগে লগে হুৱাদুৱা লাগি গ’ল৷ এজন দুজনকৈ ঘটনাস্থলীত উপস্থিত হ’ল স্থানীয় ৰাইজৰ লগতে ঘাইপথৰে গৈ থকা লোক। ৰাষ্ট্ৰীয় ঘাইপথৰ সোমাজতে চুৰ্ণবিচুৰ্ণ হৈ পৰি আছে এখন স্কৰপিঅ’ আৰু এখন ট্ৰাক৷ কিছু দুৰৈত পথাৰত পৰি ৰৈছে এখন এল্ট’ বাহনো৷

AS18D 6957 নম্বৰৰ স্কৰপিঅ’ বাহনৰ ভিতৰত আৱদ্ধ হৈ আছে চাৰিজন যুৱক৷ সকলোৱে চেষ্টা চলাইছে আৱদ্ধ সকলোক উদ্ধাৰৰ বাবে, তেনেতে ঘটনাস্থলী আহি পালে দুধনৈ আৰক্ষী৷ ধ্বংসস্তুপত পৰিণত হোৱা স্কৰপিঅ’ বাহনখনত আৱদ্ধ হৈ আছে যুৱককেইজন৷

প্ৰথমে এজনক উদ্ধাৰ কৰি এম্বুলেন্সেৰে গোৱালপাৰালৈ প্ৰেৰণ কৰা হয়৷ আন তিনিজনক যথেষ্ট কষ্ট কৰি বহু সময়ৰ পিছত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰে যদিও তাৰ মাজৰে বাহনখনৰ চালক বিক্ৰম সাহা আৰু আৰোহী শান্তু দে’ই ইতিমধ্যে কৰুণ মৃত্যুক আকোঁৱালি লয়৷

ইফালে অতি সংকটজনক অৱস্থাত ৰিশৱ গুহক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয় গৈ পোৱাৰ পিছতে তেওঁৰো মৃত্যু হয়। জানিব পৰা মতে, চাৰি বন্ধুৱে কৃষ্ণাইৰ নিজ ঘৰৰ পৰা পূজা চাবলৈ ওলাই আহিছিল৷ কেইবা ঠাইতো পূজা চোৱাৰ লগতে দুধনৈতো পূজা চাই ঘৰলৈ বুলি গাড়ীত বহি কিছুদূৰ গৈছিলহে মাথোঁ। তেনেতে ঘটিল অঘটনটো৷

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, তীব্ৰগতিত দুধনৈৰ পৰা কৃষ্ণাই অভিমুখে গৈ আছিল স্ক’ৰপিঅ’ বাহনখন। ঠিক লেলা পোৱাৰ আগতে এখন এল্ট’ বাহনক অভাৰটেক কৰিবলৈ লওঁতে প্ৰথমে এল্ট’খনক খুন্দা মাৰে আৰু তাৰ পিছতে সমুখৰ ফালৰ পৰা আহি থকা আন এখন ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ হয়৷ যাৰ ফলত স্কৰপিঅ’খন চূৰ্ণ–বিচূৰ্ণ হৈ পৰে আৰু এল্ট’ বাহনখন পথাৰত গৈ পৰে৷

এল্ট’ৰ চালকজন সৌভাগ্যক্ৰমে ৰক্ষা পৰে যদিও স্কৰপিঅ’ত থকা চাৰিজনৰ ভিতৰত তিনিজন যুৱকে কৰুণ সাবটি ল’বল’গা হয়। উল্লেখযোগ্য যে, গোৱালপাৰাৰ মাজেৰে যোৱা এই ১৭নং নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় নিতৌ সৰু–বৰ দুৰ্ঘটনা সংঘটিত হৈ থাকে আৰু ইয়াৰ মূল কাৰণটোৱে হৈছে গাড়ীৰ তীব্ৰ গতিবেগ৷
Published by: Sanjay Kumar Das
First published: October 25, 2020, 10:45 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading