প্ৰাণ লৈ শ্ৰীনগৰৰ পৰা পলাই আহিল অসমৰ ৩ যুৱক, ভুক্তভোগী যুৱকে ক’লে সেই ভয়ংকৰ কাহিনী

এদিন নিশা সুবিধা বুজি তিনি যুৱকে কাম কৰা পৰিয়ালটোৰ পৰা দেৱাল পাৰ হৈ পলায়ন কৰি উপস্থিত হয় শ্ৰীনগৰ ষ্টেচনত।

News18-Assam
Updated:June 28, 2019, 4:26 PM IST
প্ৰাণ লৈ শ্ৰীনগৰৰ পৰা পলাই আহিল অসমৰ ৩ যুৱক, ভুক্তভোগী যুৱকে ক’লে সেই ভয়ংকৰ কাহিনী
এদিন নিশা সুবিধা বুজি তিনি যুৱকে কাম কৰা পৰিয়ালটোৰ পৰা দেৱাল পাৰ হৈ পলায়ন কৰি উপস্থিত হয় শ্ৰীনগৰ ষ্টেচনত।
News18-Assam
Updated: June 28, 2019, 4:26 PM IST
জম্মু–কাশ্মীৰৰ শ্ৰীনগৰৰ পৰা পলাই অসম পালেহি তিনি যুৱক। চাকৰিৰ প্ৰলোভনেৰে ৰঙিয়াৰ পাপু নামৰ এজনে অসমৰ পৰা জম্মু–কাশ্মীৰলৈ লৈ গৈছিল দুগৰাকী যুৱতী আৰু ১৬ যুৱকক। কেইদিনমান পূৰ্বে গুৱাহাটীৰ গাড়ীগাঁৱৰ সূৰুজ জামাল নামৰ এজন যুৱকে পৰিয়ালক ফোন কৰি এই কথা জনোৱাৰ পিছতে পোহৰলৈ আহিছিল সমগ্ৰ ঘটনা। তাৰ পিছতে অসম আৰক্ষীয়ে যোগাযোগ কৰিছিল জম্মু–কাশ্মীৰ আৰক্ষীৰ সৈতে।

পলায়ন কৰি অসমত উপস্থিত হোৱা যুৱককেইজনে কয় যে বিভিন্ন প্ৰান্তৰ পৰা নি আটাইকে ৰঙিয়াত একগোট কৰিছিল পাপুৱে। তাৰ পিছত ৰঙিয়াৰ পৰা লৈ গৈছিল দিল্লীলৈ। দিল্লীত কাম নাই বুলি অজুহাত দেখুৱাই শ্ৰীনগৰলৈ লৈ যোৱা হৈছিল যুৱক–যুৱতীৰ দলটোক। শ্ৰীনগৰত
তিনিখন ইন’ভা বাহনত যুৱককেইজনক উঠিবলৈ দিয়া হৈছিল। তাৰ পৰাই সন্ধানহীন হৈছিল যুৱতী দুগৰাকী। যুৱতী দুগৰাকী সন্ধানহীন হোৱাত সন্দেহ উপজিছিল যুৱককেইজনৰ।

শ্ৰীনগৰত মানুহৰ ঘৰত কাম কৰিবলৈ লগোৱাৰ লগতে মাৰপিটো কৰিছিল যুৱককেইজনক। এদিন নিশা সুবিধা বুজি তিনি যুৱকে কাম কৰা পৰিয়ালটোৰ পৰা দেৱাল পাৰ হৈ পলায়ন কৰি উপস্থিত হয় শ্ৰীনগৰ ষ্টেচনত। এজন সেনা জোৱানক সমগ্ৰ ঘটনা বিৱৰি কৈছিল তিনি যুৱকে। সেই সেনা জোৱানজনে তিনিশ টকা দি সহায় কৰিছিল যুৱক তিনিজনক।

যুৱক তিনিজনৰ সন্দেহ, তেওঁলোকক শ্ৰীনগৰত বিক্ৰী কৰিবলৈ অনা হৈছিল, নাইবা কোনো সন্ত্ৰাসবাদী সংগঠনত ভৰ্তি কৰাবলৈ অনা হৈছিল। পলায়ন কৰি অসম পালেহি শিৱসাগৰৰ ৰিতুমণি দাস আৰু লখিমপুৰৰ ৰাজা পাটিৰ নামৰ যুৱক দুজনৰ লগতে তেজপুৰৰ এটি
কিশোৰ।

গাড়ীগাঁৱৰ সূৰুজ জামালে ঘৰলৈ ফোন কৰাৰ পিছতে দুষ্টচক্ৰই যুৱককেইজনক সন্ত্ৰাসবাদী সংগঠন ISISত যোগদান কৰোৱাৰ বাবে নিয়াৰ সন্দেহ কৰা হৈছিল। কিন্তু অসম আৰক্ষীয়ে এই নস্যাৎ কৰিছিল এই কথা। কাম কৰিবলৈয়ে কাশ্মীৰলৈ গৈছিল বুলি মন্তব্য কৰিছিল আৰক্ষীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি