নগালেণ্ডৰ মন জিলাত বাহৰ পাতি থকা ২৭ নং আছাম ৰাইফলছৰ জোৱানসকলে এটা ঘৰৰ পৰা তিনিওজন যুৱকক আটক কৰে।
নগালেণ্ডৰ মন জিলাত বাহৰ পাতি থকা ২৭ নং আছাম ৰাইফলছৰ জোৱানসকলে এটা ঘৰৰ পৰা তিনিওজন যুৱকক আটক কৰে।
তিনিজনকৈ অসম যুৱকে গৃহত্যাগ কৰি আলফাত স্বাধীন (ULFA-I)ত যোগদান কৰিবলৈ গৈ ভাৰত ম্যানমাৰৰ নগালেণ্ড সীমান্তত সুযােগৰ অপেক্ষাত ৰৈ থকা অৱস্থাত আছাম ৰাইফলছৰ হাতত আটক হোৱা বুলি জানিব পৰা গৈছে । আছাম ৰাইফলছৰ এক উচ্চস্তুৰীয় সূত্রৰ পৰা পােৱা তথ্য মতে অসমৰ বিভিন্ন স্থানত আলফাৰ (স্বাধীন)ৰ হৈ ইয়াৰ লিংকমেনে সংগঠনটোত যােগদানৰ বাবে একাংশ যুৱকৰ লগত যােগাযােগ কৰাৰ তথ্য লাভ কৰে আছাম ৰাইফলছে । এই তথ্য প্রাপ্তিৰ পাছতে সষ্টম হৈ থকা আছাম ৰাইফলছৰ সূত্রই কেইজনমান যুৱকে ম্যানমাৰ আৰু নগালেণ্ড সীমান্তত আলফালৈ যাবৰ বাবে অপেক্ষা কৰাৰ তথ্য লাভ কৰে ।
এনে এক বিশেষ সূত্ৰৰ পম খেদি চুবুৰীয়া ৰাজ্যখনৰ মন জিলাত বাহৰ পাতি থকা ২৭ নং আছাম ৰাইফলছৰ জোৱানসকলে এটা ঘৰৰ পৰা তিনিওজন যুৱকক আটক কৰে। তেওঁলােক ক্ৰমে ওদালগুৰি জিলাৰ জলহাৰ মহেন্দ্ৰ ডেকাৰ পুত্ৰ বিকাশ ডেকা, যোৰহাট জিলাৰ এজাৰগুৰি অঞ্চলৰ সুনীল বৰাৰ পুত্ৰ অৰিন্দম বৰা আৰু আনজন তিনিচুকীয়া জিলাৰ শদিয়া অঞ্চলৰ যোগেশ চন্দ্ৰ নেওগৰ পুত্ৰ হিমন্ত নেওগ বুলি সেনাৰ সূত্ৰত প্ৰকাশ।
ধৃত যুৱক তিনিজনক আছাম ৰাইফলছৰ শিবিৰত সোধা-পোছা কৰা হৈছে। সম্ভৱতঃ সোমবাৰে তিনিওকে আছাম ৰাইফলছে অসম আৰক্ষীৰ হাতত চমজাই দিব ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|