• Home
  • »
  • News
  • »
  • assam
  • »
  • মেৰাপানীত দুৰ্বৃত্তই চিনেমাৰ কায়দাৰে তিনি মহিলাক বলপূৰ্বক গাড়ীত উঠাই শাৰীৰিক নিৰ্যাতন কৰাৰ গুৰুতৰ অভিযোগ

মেৰাপানীত দুৰ্বৃত্তই চিনেমাৰ কায়দাৰে তিনি মহিলাক বলপূৰ্বক গাড়ীত উঠাই শাৰীৰিক নিৰ্যাতন কৰাৰ গুৰুতৰ অভিযোগ

Representative image

Representative image

মেৰাপানীৰ পৰা নগাপাহাৰৰ নামনিলৈ যোৱা দুখন বাহনত অহা দুৰ্বৃত্তই অপহৰণ কৰি নিয়ে দুগৰাকী বিবাহিতা মহিলাসহ এগৰাকী যুৱতীক।

  • Share this:
মেৰাপানীত পুনৰ নাৰী নিৰ্যাতনৰ এক জঘন্য ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে। মঙলবাৰে মেৰাপানীৰ পৰা নগাপাহাৰৰ নামনিলৈ যোৱা দুখন বাহনত অহা দুৰ্বৃত্তই অপহৰণ কৰি নিয়ে দুগৰাকী বিবাহিতা মহিলাসহ এগৰাকী যুৱতীক। তিনিগৰাকী মহিলাক নিচাযুক্ত দ্ৰব্য পান কৰোৱাৰ বাবে হেঁচা প্ৰয়োগ কৰি তেওঁলোকৰ বস্ত্ৰ ফালি শাৰিৰীকভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ কৰে মহিলাকেইগৰাকীয়ে।

ঘটনাৰ সন্দৰ্ভত তিনি নিৰ্যাতিত মহিলাই দিয়া ভাষ্য অনুসৰি, যোৱা ২৩ আগষ্টত গোলাঘাট ইচলামপট্টিৰ এগৰাকী আৰু গোলাঘাট ৰঙাজানৰ দুগৰাকী মহিলাক মেৰাপানীৰ ফ্লাৱাৰভেলী স্কুলত থকা এওঁলোকৰ মাজৰে এগৰাকীৰ পুত্ৰক লগ ধৰাৰ উদ্দেশ্যে মেৰাপানীলৈ আহোতেই মেৰাপানী ইচলামপুৰৰ নিবাসী ফৰিদুল হুচেইন আৰু আন দুজনমানে এখন ৰঙা ৰঙৰ i10 আৰু AS05-3538 নম্বৰৰ এখন বলেৰ' বাহনেৰে অপহৰণ কৰে। অপহৰণকাৰী দলটোৱে তিনি মহিলাক নিচাযুক্ত দ্ৰব্য পান কৰাবলৈ অপচেষ্টা কৰাৰ লগতে কাপোৰ কানি ফালি মাৰপিট কৰি শাৰিৰীক নিৰ্যাতন চলায়।

মন কৰিবলগীয়া যে,  দুৰ্বৃত্তৰ দলটোৱে মহিলা কেইগৰাকীক কৰা আক্ৰমণৰ দৃশ্য নিজ ম'বাইলত বন্দী কৰি ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল কৰে। এগৰাকী মহিলাক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ লগতে কাণৰ পৰা সোণৰ কাণফুলিজোৰ কাঢ়ি নিয়ে।

জানিব পৰা মতে, মহিলাকেইগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় লোক সেই স্থানত উপস্থিত হৈ মহিলাকেইগৰাকীক উদ্ধাৰ কৰে। ইফালে নিৰ্যাতন আৰু অপহৰণৰ ঘটনাৰ সন্দৰ্ভত অপহৃত হোৱা এগৰাকী মহিলাই আৰক্ষীৰ ওচৰত ফৰিদুল হুচেইনৰ লগতে তেওঁৰ পত্নী, মাতৃ আৰু আন দুজন ব্যক্তিৰ বিৰুদ্ধে এখন এজাহাৰ দাখিলৰ কৰিব বুলি ইতিমধ্যে জানিব পৰা গৈছে।

ইফালে এই ঘটনাটোক আন একাংশই লম্পট যুৱক ফৰিদুলৰ সৈতে অপহৰণ হোৱা তিনি গৰাকীৰ মহিলাৰ ভিতৰত এগৰাকীৰ সৈতে পৰকীয়া প্ৰেমৰ বাবেই ফৰিদুলৰ পত্নী, মাতৃয়ে মিলি তেওঁক প্ৰহাৰ কৰিছিল বুলি কৈছে। অৱশ্যে, এগৰাকী মহিলাক অন কেমেৰা নিৰ্যাতন চলোৱাৰ পাছতো মেৰাপানী আৰক্ষীয়ে ভূক্তভোগীৰ পৰা এজাহাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা ঘটনাই অঞ্চলটোক তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি