ডিব্ৰুগড়ত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ মহিলাৰ

আন এজন লোক গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত। আহত লোকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

news18assam
Updated:June 7, 2019, 11:35 AM IST
ডিব্ৰুগড়ত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ মহিলাৰ
আন এজন লোক গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত। আহত লোকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
news18assam
Updated: June 7, 2019, 11:35 AM IST
ডিব্ৰুগড়ৰ জকাইত ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাক আৰু বেলেন’ বাহনৰ মুখামুখি সংঘৰ্ষত তিনিগৰাকী মহিলাৰ থিতাতে মৃত্যু হয়। আন এজন লোক গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত। আহত লোকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। মৃত মহিলাকেইগৰাকীৰ ঘৰ জকাইৰ হৰকপথাৰত। ডিব্ৰুগড় জকাই সংৰক্ষিত বনাঞ্চলৰ সমীপত নৱনিৰ্মিত ৫২নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। মৃত মহিলাকেইগৰাকীৰ নাম সোমেশ্বৰী সোণোৱাল, নীৰদা সোণোৱাল আৰু মামণি সোণোৱাল।
আৰু চাওক পৰৱৰ্তী বাতৰি