হোজাই জিলাৰ ডবকাত কালি নিশা সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি দুৰ্ধৰ্ষ ডকাইতক আজি ডবকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে সোধা–পোছাৰ বাবে আন তিনিজনক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷
প্ৰাপ্ত তথ্য অনুসৰি কালি নিশা অনুমানিক ২:৩০ মান বজাত ডবকাৰ শালবাগানত চিনেমাৰ কায়দাৰে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে গছ কাটি পেলাই দহ-পোন্ধৰ জনীয়া ডকাইতৰ দলে সৰু বৰ বহু কেইকেইখন গাড়ীত ডকাইতি কৰিছিল ৷
ডকাইতৰ দলটোৱে গাড়ীসমূহৰ চালক ,হেণ্ডিমেন, যাত্ৰীৰ পৰা নগদ ধন ,মোবাইল ফোন, আ-অলংকাৰ লুট কৰি নিছিল ৷ স্থানীয় লোকে ডবকা আৰক্ষীক খবৰ দিছিল যদিও আৰক্ষী ঘটনাস্থলীত পোৱাৰ পূৰ্বেই ডকাইতৰ দলটোৱে আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি জংঘলৰ মাজেৰে পলায়ন কৰিছিল ৷
ইফালে ডকাইতৰ দলটোৰ বিৰুদ্ধে কালিৰে পৰা ডবকা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখি আজি ডবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৃত সিঙৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে মৰিগাওঁ জিলাৰ মৈৰাবাৰীত অভিযান চলায় মুজিবুৰ ৰহমান নামৰ ডকাইতজনক গ্ৰেপ্তাৰ কৰে ৷
পিছলৈ ডবকাৰ কাছাৰীপাৰাৰ পৰা নুৰ উদ্দিন নামৰ আন এজন ডকাইতক গ্ৰেপ্তাৰ কৰে ৷ ডকাইতৰ কবলৰ পৰা চোকা অস্ত্ৰৰ লগতে লুট কৰি নিয়া দুটা মোবাইল ফোনো উদ্ধাৰ কৰে। ইফালে ডকাইতি কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত আজি চন্দানপুৰ গাঁৱৰ পৰা আৰমান আলী নামৰ এজন লোকক সোধা–পোছাৰ বাবে আটক কৰিছে ৷
কালি ডবকাৰ দীঘল জাৰুণি গাঁৱৰ পৰা মুহিবুৰ ৰহমান ওৰফে দলাই আৰু মোৰাঝাৰ থানাৰ অন্তৰ্গত যমুনা গাঁৱৰ পৰা আতাউৰ ৰহমান ওৰফে বাটলুক আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে ৷ ডকাইতি কাণ্ডৰ লগত জড়িত থকা বাকীসকলক গ্ৰেপ্তাৰ কৰিবলৈ ডবকা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|