কাছাৰ জিলাৰ শালচাপৰা ৰে'ল ইয়াৰ্ডৰ পৰা হাইলাকান্দি জিলাৰ মোহনপুৰ সমবায় সমিতিৰ গুদামলৈ নিয়াৰ কথা আছিল চাউল খিনি। কিন্তু মোহনপুৰৰ পৰিবৰ্তে আলগাপুৰ এলেকাৰ এটা ব্যক্তিগত গুদামতহে চাউলখিনি আনলোড কৰাৰ সময়তে আৰক্ষী উপস্থিত হৈ ট্ৰাক তিনিওখন জব্দ কৰি থানালৈ লৈ আহে ।
ইপিনে এই ঘটনাক লৈ মৌনতা অবলম্বন কৰিছে হাইলাকান্দি যোগান বিভাগ আৰু আৰক্ষীয়ে । ব্যক্তিগত গুদামটো কাৰ? কোনে সমবায়ৰ চাউল ব্যক্তিগত গুদামলৈ নিছিল? এইবোৰ তথ্য সংবাদমাধ্যমক দিয়াৰ পৰা বিৰত আছে আৰক্ষী আৰু যোগান বিভাগ ।
আনহাতে এই চাউল চুৰিৰ আৰত বৃহৎ এটা ৰাজনৈতিক চক্ৰ জৰিত থকাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদি যুব ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কবিৰ উদ্দিন লস্কৰে ।