২৮ নৱেম্বৰত আলফাৰ(স্বাঃ) 'প্ৰতিবাদ দিৱস’ৰ প্ৰাকক্ষণত নিষিদ্ধঘোষিত সংগঠনটোৰ দুৰ্ধৰ্ষ কেডাৰ গণেশ লাহনৰ নেতৃত্বত ১১জনীয়া এটা আলফাৰ দলে কূটাঘাতৰ উদ্দেশ্যে অসম-নাগালেণ্ড সীমান্তৰে অসমত প্ৰৱেশৰ সুযোগ বিচাৰি থকা বুলি চোৰাংচোৱাই সেনা-আৰক্ষীক দিয়া তথ্যৰ ভিত্তিত চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত সেনা-আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে ।
উল্লেখ্য, নিৰাপত্তা বাহিনীৰ চোৰাংচোৱাৰ হাতলৈ অহা তথ্য অনুসৰি আলফাৰ এঘাৰজনীয়া দুৰ্ধৰ্ষ কেডাৰৰ এটা দলে অত্যাধুনিক মাৰণাস্ত্ৰৰে সু-সজ্জিত হৈ চৰাইদেউ জিলাত প্ৰৱেশ কৰি উজনি অসমৰ বিভিন্ন ঠাইত ২৮ নৱেম্বৰৰ প্ৰতিবাদী দিৱসৰ প্ৰাকক্ষণত কূটাঘাত সংঘটিত কৰাৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছে।
ম্যানমাৰৰ পৰা অহা আলফাৰ দলটোৱে ১৪ নৱেম্বৰত ভাৰতৰ ভূমিত প্ৰৱেশ কৰি ১৬ নৱেম্বৰত নাগালেণ্ডৰ ৱামছা বস্তি আৰু পৰবৰ্তী সময়ত লংছু বস্তিত বাহৰ পাতি অসমত প্ৰৱেশৰ বাবে সুযোগৰ অপেক্ষাত আছে।
অত্যাধুনিক মাৰণাস্ত্ৰৰে সজ্জিত আলফাৰ(স্বাধীন) দলটোৱে আৰ পি জিৰ লগতে টি এন টিৰ দৰে শক্তিশালী বিস্ফোৰক সামগ্ৰী কঢ়িয়াই অনা বুলি দাবী কৰা হৈছে। গণেশ লাহন ওৰফে গণেশ অসমৰ নেতৃত্বত অহা ১১ জনীয়া দলটোৰ অকণ গগৈ ওৰফে প্ৰদীপ অসম, ডিকম অসম, গজেন্দ্ৰ অসম, জ'ন সিং, অভিনৱ অসম আদি আলফাৰ সদস্যসকলে অসমত প্ৰৱেশৰ সুযোগ বিচাৰি আছে যদিও এই পৰ্যন্ত দুয়োখন ৰাজ্যৰ নিৰাপত্তাৰ বেহু ভেদি অসমত প্ৰৱেশ কৰিব পৰা নাই৷
এনেক্ষেত্ৰত নিষিদ্ধঘোষিত সংগঠনটোৱে নগা যুৱকক নিয়োগ কৰিও অসমত কূটাঘাটমূলক ঘটনা সংঘটিত কৰাৰ পূৰ্ণ অৱকাশ আছে ৷ আজি আলফাৰ প্ৰতিবাদী দিৱসৰ প্ৰতি লক্ষ্য ৰাখি চৰাইদেউ জিলা আৰক্ষীয়ে অসম-নাগালেণ্ড সীমান্তৱৰ্তী নামতোলাকে ধৰি জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ সময়তে সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী নামতোলাত কালি আলফা স্বাধীনক ধন দিয়াৰ অভিযোগত তিনিজনক কাৰাগাৰলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।
কাৰাগাৰলৈ প্ৰেৰণ কৰা লোককেইজন হ'ল মনোহৰ ঠাকুৰ, লালবাহাদুৰ ঠাকুৰ আৰু কাদেৰ শ্বাহ। এই আটাইকেইজনেই হ'ল চৰাইদেউ জিলাৰ সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলা অঞ্চলৰ প্ৰতিষ্ঠিত ব্যৱসায়ী।
জানিব পৰা মতে, যোৱা কিছুদিন পূৰ্বে আলফা স্বাধীনৰ হৈ নামতোলাত ধন দাবী কৰি আটক হোৱা নগা যুৱক টিংমন কন্যাকৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছিল তিনিওজন ব্যৱসায়ীক। পৰৱৰ্তী সময়ত আৰক্ষীৰ অনুসন্ধানত সত্য প্ৰমাণিত হোৱাত আটাইকে কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|