চহৰখনৰ বিভিন্ন ঠাইৰ পৰা গাড়ীৰ বেটেৰী চুৰি কৰি ছাদ্দাম হুছেইনৰ ডেম্পত বিক্ৰী কৰি আহিছিল চোৰটোৱে ৰাতুল দাসে৷
চহৰখনৰ বিভিন্ন ঠাইৰ পৰা গাড়ীৰ বেটেৰী চুৰি কৰি ছাদ্দাম হুছেইনৰ ডেম্পত বিক্ৰী কৰি আহিছিল চোৰটোৱে ৰাতুল দাসে৷
বৰপেটা চহৰৰ পৰা আজি আৰক্ষীয়ে তিনিজন চোৰক গ্ৰেপ্তাৰ কৰে৷ চোৰ তিনিটা বৰপেটা চহৰৰ ভকতপাৰাৰ ৰাতুল দাস, বাঘবৰৰ বামুণডংৰা গাঁৱৰ ছাদ্দাম হুছেইন আৰু ঠেকা কলনীৰ প্ৰদীপ মণ্ডল৷ আজি বৰপেটা সদৰ থানাৰ আৰক্ষীয়ে গাড়ীৰ বেটাৰী চুৰিৰ অভিযোগত চহৰখনৰ ভকতপাৰাৰ পৰা ৰাতুল দাসক গ্ৰেপ্তাৰ কৰে৷ ৰাতুল দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে পিছত চহৰখনৰ এটা ডেম্পৰ মালিক তথা বাঘবৰৰ বামুণডংৰা গাঁৱৰ ছাদ্দাম হুছেইন আৰু ঠেকা কলনীৰ প্ৰদীপ মণ্ডলক গ্ৰেপ্তাৰ কৰে৷
চহৰখনৰ বিভিন্ন ঠাইৰ পৰা গাড়ীৰ বেটেৰী চুৰি কৰি ছাদ্দাম হুছেইনৰ ডেম্পত বিক্ৰী কৰি আহিছিল চোৰটোৱে ৰাতুল দাসে৷ আনহাতে বেটাৰী চুৰিৰ পিছত বেটাৰী সৰবৰাহৰ ক্ষেত্ৰত সহযোগ কৰি অহা ৰিক্সাচালক প্ৰদীপ মণ্ডলকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ ইপিনে চহৰখনৰ পৰা বিভিন্ন সময়ত গাড়ীৰ বেটাৰী চুৰি কৰি সন্ত্ৰাস চলাই অহা এই চুৰি চক্ৰটোৰ বিৰুদ্ধে বৰপেটাৰ জিলা পৰিবহণ বিষষাই সুকীয়াকৈ এটা গোচৰ ৰুজু কৰিছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|