হোজাই জিলাৰ যমুনামুখ, ডবকা, মোৰাঝাৰৰ আদি অঞ্চলত কোভিড-১৯, কাৰ্ফিউৰ মাজতেই দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চুৰি-ডকাইতিৰ নিচিনা অপৰাধজনিত ঘটনা। যমুনামুখ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত সঘনাই চুৰি কার্য সংঘটিত হৈ অহাৰ সময়তে যমুনামুখ আৰক্ষী থানাত নৱনিযুক্ত আৰক্ষী বিষয়া সুৰুজ দত্তৰ নেতৃত্বত চলা এক অভিযানত তিনিটা গভাইত চোৰক আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, যমুনামুখ আৰক্ষী থানাৰ অন্তৰ্গত নগঞাপাম আৰু বালিৰাম গাঁৱৰ পৰা দুটাকৈ চোৰক আটক কৰাৰ সমান্তৰালভাৱে নীলবাগান অঞ্চলৰ এটা কুখ্যাত চোৰক আটক কৰি স্থানীয় ৰাইজে আৰক্ষীক গতাই দিয়ে।
যমুনামুখত কিছুদিন পূৰ্বে এটা বৃহৎ চুৰি কাণ্ড সংঘটিত হৈছিল। উক্ত চুৰিকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত মদন দাস আৰু নাছিৰ উদ্দিনক আটক কৰে আৰক্ষীয়ে। ইফালে নীলবাগান, ডবকা আৰু যমুনামুখ অঞ্চলত দীৰ্ঘদিনৰ পৰা চুৰিকাণ্ড সংঘটিত কৰি অহা গভাইত চোৰ জুৱাইৰ হুছেইনক যমুনামুখৰ পৰা আটক কৰে আৰক্ষীয়ে।
উল্লেখ্য যে, ধৃত মদন দাস আৰু নাছিৰ উদ্দিনক আজি যমুনামুখ আৰক্ষীয়ে জে’ল হাজোতলৈ প্রেৰণ কৰে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, যোৱা ২৬ মে’ত যমুনামুখ আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰে সুৰুজ দত্তই। দত্তই যোগদান কৰিয়েই অপৰাধজনিত ঘটনাৰ লগত জড়িত থকা অপৰাধীসকলৰ বিৰুদ্ধে সৰৱ হৈ পৰা পৰিলক্ষিত হয়।
উল্লেখযোগ্য যে কোভিড–১৯, লকডাউনৰ বাবেই বহি ৰাজ্যত কৰ্মৰত একাংশ যুৱকে নিজ ঘৰলৈ উভতি আহি এনে অপৰাধজনিত ঘটনাৰ সৈতে জড়িত হৈ পৰা ঘটনাই চিন্তাৰ বিষয় হৈ পৰিছে বুলি উল্লেখ কৰিছে সচেতন মহলে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|