உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিলাসী গাড়ীত তিনি যুৱক, পিছফালৰ ছিটত এয়া কি? দেখাৰ পিছতে ৰাইজে দিলে উত্তম–মধ্যম

    বিলাসী গাড়ীত তিনি যুৱক, পিছফালৰ ছিটত এয়া কি? দেখাৰ পিছতে ৰাইজে দিলে উত্তম–মধ্যম

    উত্তেজিত লোকে বিলাসী বাহনখনত ভাঙি ক্ষতিসাধন কৰে৷ পিছত একাংশ সচেতন লোকে তিনিওকে স্থানীয় আছু কাৰ্যালয়ত ধৰি আনি আৰক্ষীক খবৰ দিয়ে৷

    • Share this:
    বঙাইগাঁৱত বিলাসী বাহন লৈ ছাগলী চুৰি কৰিবলৈ গৈ ধৰা পৰিল তিনিটাকৈ চোৰ৷ ক্ষুব্ধ একাংশ লোকে ছাগলী চোৰৰ চাৰিচকীয়া বাহন ভাঙি চুৰমাৰ কৰাৰ লগতে তিনিওকে দিলে উত্তম–মধ্যম৷ বঙাইগাঁৱৰ বাশবাৰীত সংঘটিত হৈছে এই ঘটনা৷ তিনিজনীয়া চোৰৰ দলটোৱে AS 26E 2688 নম্বৰৰ টাটা এল্ট্ৰোজ বাহনেৰে ছাগলী চুৰি কৰি পলায়নৰ চেষ্টা কৰাৰ সময়তে স্থানীয় ৰাইজৰ  চকুত পৰে৷ দুটাকৈ ছাগলীৰ পোৱালী চুৰি কৰি পলায়নৰ চেষ্টা কৰাৰ সময়ত পিছে পিছে খেদি গৈ ৰাইজে বাশবাৰীৰ ৰাইজে বাহনসহ চোৰকেইটাক কৰায়ত্ত কৰে৷

    চোৰ কেইটাক কৰায়ত্ত কৰাৰ লগতে উত্তেজিত লোকে বিলাসী বাহনখনত ভাঙি ক্ষতিসাধন কৰে৷ পিছত একাংশ সচেতন লোকে তিনিওকে স্থানীয় আছু কাৰ্যালয়ত ধৰি আনি আৰক্ষীক খবৰ দিয়ে৷ পিছত বঙাইগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চোৰ কেইটাক লৈ যায়৷ ধৃত চোৰ কেইটাৰ নাম শিৱা ৰাভা, লালু প্ৰসাদ আৰু আনগৰাকীৰ সুজন নাপিত। তিনিওৰে ঘৰ বঙাইগাঁৱৰ নিকটৱৰ্তী ছাপাগুৰিত বুলি জানিব পৰা গৈছে ৷ তিনিওয়ে ছাগলী কেইটা পঞ্চপুৰৰ পৰা চুৰি কৰা বুলি জানিব দিয়ে৷  ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷
    Published by:Sanjay Kumar Das
    First published: