মুখ্যপৃষ্ঠা »খবৰ »অসম »স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অস্ত্ৰসহ গ্ৰেপ্তাৰ হ'ল তিনি কে এল অ’ সদস্য 

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অস্ত্ৰসহ গ্ৰেপ্তাৰ হ'ল তিনি কে এল অ’ সদস্য 

উল্লেখযোগ্য যে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ হাজাৰীগাঁও অঞ্চলত যোৱানিশা আৰক্ষী-সেনাই চলাইছিল যৌথ অভিযান।

উল্লেখযোগ্য যে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ হাজাৰীগাঁও অঞ্চলত যোৱানিশা আৰক্ষী-সেনাই চলাইছিল যৌথ অভিযান।

উল্লেখযোগ্য যে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ হাজাৰীগাঁও অঞ্চলত যোৱানিশা আৰক্ষী-সেনাই চলাইছিল যৌথ অভিযান।

  • Share this:
আগন্তুক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি নিশা আৰক্ষী আৰু সেনা বাহিনীৰ যৌথ অভিযানত ধুবুৰীত অস্ত্ৰসহ তিনি সন্দেহজনক কেএলঅ’ সদস্য আটক হয়। আনহাতে, সীমান্তৱৰ্তী জিলাখনৰ আইন–শৃংখলাৰ লগতে সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধৰ  ক্ষেত্ৰত বিশেষ ব্যৱস্থাৰ কথা উল্লেখ কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।

উল্লেখযোগ্য যে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ হাজাৰীগাঁও অঞ্চলত যোৱানিশা আৰক্ষী-সেনাই চলাইছিল যৌথ অভিযান। উক্ত অভিযানতে অত্যাধুনিক মাৰণাস্ত্ৰসহ তিনি যুৱক কৰায়ত্ব হয়৷ যুৱক তিনিজনৰ পৰা মেগজিনসহ এটা ৯ এম এম পিষ্টল, এটা ৭.৬৫ এম এম পিষ্টল, এটা ৪.৫ এম এম পিষ্টল, চাৰি জাঁই নাইন এম এম পিষ্টলৰ সজীৱ গুলী আৰু চাৰি জাঁই ৭.৬৫ এম এম সজীৱ গুলী উদ্ধাৰ হোৱা বুলি ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জানিবলৈ দিয়ে।

ধৃত যুৱককেইজন কেএলঅ'ৰ সদস্য বুলি সন্দেহ কৰা হৈছে আৰু এই সন্দৰ্ভত তদন্ত চলাই থকা বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে। ইপিনে, আগন্তুক স্বাধীনতা দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক আজি ধুবুৰী উপায়ুক্ত কাৰ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। কোৰোণা মহামাৰীৰ মাজতে এইবেলিৰ স্বাধীনতা দিৱস আয়োজনৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞাৰ কথা উল্লেখ কৰে উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে।

শেহতীয়া বাতৰি