আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত তিনিগৰাকী শিক্ষাৰ্থীয়ে গৌৰৱ কঢ়িয়াই আনিলে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিলৈ। কলা শাখাত প্ৰথম স্থান অধিকাৰ কৰিছে বাইহাটা চাৰিআলিৰ ৰামানুজন একাডেমীৰ ছাত্ৰী সাধনা দেৱীয়ে। সাধনাই মুঠ ৪৮৭ নম্বৰ লাভ কৰিছে। আনহাতে, একেখন শিক্ষা প্ৰতিষ্ঠানৰে নিখিল দাসে দখল কৰিছে অষ্টম স্থান। নিখিলে মুঠ নম্বৰ লাভ কৰিছে ৪৭৫। কামৰূপা গাৰ্লছ ছেনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা পৰীক্ষাত অৱত্তীৰ্ণ হৈছিল দুয়োগৰাকী শিক্ষাৰ্থী।
ইফালে, বাইহাটা চাৰিআলিৰ আন এখন ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান গেটৱে’ একাডেমীৰ ছাত্ৰী ৰ’জী ৰৌচনে লাভ কৰিছে কলা শাখাৰ ষষ্ঠ স্থান। ৰ’জীয়ে মুঠ ৪৭৮ নম্বৰ লাভ কৰিছে। এই সফলতাত দুয়োখন শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষক–শিক্ষয়িত্ৰী, ছাত্ৰ–ছাত্ৰীৰ লগতে গৌৰৱ অনুভৱ কৰিছে অঞ্চলবাসীয়েও।
আজিৰ ফলাফল ঘোষণাৰ পিছতে দুয়োখন শিক্ষা প্ৰতিষ্ঠানতে দেখা গ’ল আনন্দৰ বন্যা। ৰামানুজন একাডেমীৰ সন্মুখত ফটকা ফুটাই আনন্দ প্ৰকাশ কৰে শিক্ষক–কৰ্মচাৰী, ছাত্ৰ–ছাত্ৰীসকলে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|