• Home
  • »
  • News
  • »
  • assam
  • »
  • সেউজ কাজিৰঙাৰ পৰা কংক্ৰিটৰ মহানগৰীলৈ... অসম ৰাজ্যিক চিৰিয়াখানালৈ স্থানান্তৰ কাজিৰঙাৰ তিনিটা গঁড়

সেউজ কাজিৰঙাৰ পৰা কংক্ৰিটৰ মহানগৰীলৈ... অসম ৰাজ্যিক চিৰিয়াখানালৈ স্থানান্তৰ কাজিৰঙাৰ তিনিটা গঁড়

২০১৯ চনৰ প্ৰলয়ংকৰী বানত মাতৃৰ পৰা বিচ্ছিন্ন হোৱা পোৱালিকেইটা দীৰ্ঘদিন কেন্দ্ৰটোৰ চিকিৎসক আৰু কীপাৰসকলে প্ৰতিপালন কৰি আহিছিল৷

  • Share this:
কাজিৰঙাৰ পাণবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ প্ৰতিপালন আৰু পুনৰ সংস্থাপন কেন্দ্ৰ( CWRC)ৰ পৰা আজি ৩টা গঁড় স্থানান্তৰিত হৈছে৷ কেন্দ্ৰটোত প্ৰতিপালিত হৈ থকা গঁড়কেইটা অসম ৰাজ্যিক চিৰিয়াখানালৈ স্থানান্তৰিত কৰিছে বন বিভাগে৷ স্থানান্তৰিত গঁড়কেইটাৰ দুটা মাইকী গঁড় আৰু এটা মতা গঁড়৷

২০১৯ চনৰ প্ৰলয়ংকৰী বানত মাতৃৰ পৰা বিচ্ছিন্ন হোৱা পোৱালিকেইটা দীৰ্ঘদিন কেন্দ্ৰটোৰ চিকিৎসক আৰু কীপাৰসকলে প্ৰতিপালন কৰি আহিছিল৷ বিশ্বনাথঘাট, অগৰাতলী আৰু গৌতমীৰ পৰা উদ্ধাৰ কৰিছিল পোৱালিকেইটা৷

পূৰ্বেও চিৰিয়াখানালৈ ৩টা গঁড় পোৱালিকে ধৰি মুঠ ২৫টা গঁড় পোৱালি পুনৰ সংস্থাপন কৰিছে কেন্দ্ৰটোৰ পৰা৷ ইতিমধ্যে স্বাস্থ্য পৰীক্ষাৰ পাছত ৰেডিঅ' কলাৰ সংস্থাপন কৰি পোৱালিকেইটা ক্ৰেজত আৱদ্ধ কৰিছে৷ আজি সন্ধিয়া ৩খন ট্ৰাকত পোৱালিকেইটাই চিৰদিনৰ বাবে কাজিৰঙাৰ মায়া–মোহ ত্যাগ কৰি আজীৱন বন্দীত্বক স্বীকাৰ কৰিবৰ বাবে গুৱাহাটীৰ চিৰিয়াখানা অভিমুখে যাত্ৰা কৰিব৷ শুকুৰবাৰে পুৱা পোৱালিকেইটা চিৰিয়াখানাত মুকলি কৰি দিব৷ এই কেন্দ্ৰতটোত ৩টা গঁড় প্ৰতিপালিত হৈ থাকিব৷
Published by:Sanjay Kumar Das
First published: