ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ আটক হৈছে তিনিটাকৈ বাঘ চিকাৰী। দুজন বাঘ চিকাৰী এতিয়াও পলাতক। ৰাষ্ট্ৰীয় উদ্যানখনত বাঘ চিকাৰৰ উদ্দেশ্যৰে প্ৰৱেশ কৰিছিল ৫ জনকৈ চিকাৰী। তাৰে ভিতৰত তিনিজন চিকাৰীক বনকৰ্মীয়ে আটক কৰিবলৈ সক্ষম হয়। বাকী দুজন সম্প্ৰতি পলাতক।
আটকাধীন চিকাৰী কেইটা ঢেকীয়াজুলিৰ আজিবুৰ ৰহমান, হাছমত আলী আৰু মহম্মদ এম এল বুলি জানিব পৰা গৈছে। পলাতক দুজনৰ নাম ছাদিকুল আৰু আহাম্মদ।
উল্লেখযোগ্য যে, যোৱা চাৰি তাৰিখে বনকৰ্মীয়ে উদ্যানখনৰ দাঁতিকাষৰীয়া গাঁও ২নং বচা শিমলু গাঁৱৰ আজিবুৰ ৰহমান নামৰ লোক এজনৰ ঘৰৰ সমীপত পুতি থোৱা অৱস্থাত বাঘৰ অৱশিষ্ট উদ্ধাৰ কৰিছিল, তাৰ পিছতে আটক কৰা হৈছে সন্দেহযুক্ত চিকাৰী কেইজনক৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|