ৰন্ধনৰ ওপৰত আধাৰিত দেশৰ আগশাৰীৰ ৰিয়েলিটি শ্ব' মাষ্টাৰচেফ ইণ্ডিয়া সমগ্ৰ দেশতে বহু জনপ্ৰিয়। বিভিন্ন লোকে ইয়াত অংশগ্ৰহণ কৰিবলৈ যোৱা দেখিবলৈ পোৱা যায় আৰু তেওঁলোকৰ ৰন্ধন শৈলী, খাদ্য সোৱাদ, ইয়াৰ উপস্থাপন আদি দিশত নিৰীক্ষণ কৰা হয়। কেইবাটাও ৰন্ধন পৰীক্ষাৰ অন্তত এজন বিজয়ী ঘোষণা কৰা হয় যাক ‘মাষ্টাৰচেফ ইণ্ডিয়া’ৰ খিতাপসহ নিৰ্ধাৰিত বহু আকৰ্ণীয় পুৰস্কাৰ দিয়া হয়। এই প্ৰতিযোতিতা শিশুৰ মাজতো অনুষ্ঠিত কৰা হয়। বৰ্তমান ইয়াৰ অন্য এটা চিজন সৰু পৰ্দা অৰ্থাৎ টেলিভিশ্বনত অন এয়াৰ তথা সম্প্ৰচাৰিত হ’ব। এইবাৰৰ মাষ্টাৰচেফ ইণ্ডিয়াৰ সপ্তম ছিজনত অসমৰ তিনিজন লোকে ভাগ লৈছে।
অসমৰ তিনিজন ব্যক্তিয়ে জনপ্ৰিয় টেলিভিছন ৰন্ধন ৰিয়েলিটি শ্ব’ মাষ্টাৰচেফ ইণ্ডিয়া ছিজন ৭ত স্থান লাভ কৰিছে। এই অনুষ্ঠানটো ২ জানুৱাৰীৰ পৰা চনী এণ্টাৰটেইনমেণ্ট টেলিভিছন চেনেল সম্প্ৰচাৰ কৰিছে। অসমৰ তিনিগৰাকী প্ৰতিযোগী ক্ৰমে নাজিয়া চুলতানা, নয়নজ্যোতি নাৰায়ণ আৰু ছাণ্টা শৰ্মাই মাষ্টাৰচেফ ইণ্ডিয়াৰ ছিজন৭ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
এই ৰিয়েলিটি শ্ব’টোত স্থান লাভ কৰা এগৰাকী মহিলা ৩৩ বছৰীয়া নাজিয়া চুলতানা গুৱাহাটীৰ নিৱাসী আৰু তেওঁ এগৰাকী গৃহিণী আৰু তেওঁ ৰান্ধি ভাল পায়। চুলতানাই অনুষ্ঠানটোৰ প্ৰথম খণ্ডত সুস্বাদু জাপানী পেনকেক প্ৰস্তুত কৰিছিল যিটো বিচাৰকসকলে উপভোগ কৰি যথেষ্ট প্ৰশংসা কৰিছিল।
আনহাতে, আন এগৰাকী প্ৰতিযোগী তিনিচুকীয়াৰ নিৱাসী ২৬ বছৰীয়া নয়নজ্যোতি শইকীয়াই দেউতাকৰ সৈতে চাহ বাগিচাত কাম কৰে আৰু ৰান্ধি ভাল পায়। উল্লেখ্য যে, ৰিয়েলিটি শ্ব’টোৰ এজন বিচাৰক বিকাশ খান্নাই তেওঁৰ ইনষ্টাগ্ৰামৰ জৰিয়তে নয়নজ্যোতিক বিচাৰি পাইছিল।
শেহতীয়াকৈ ৰিয়েলিটি শ্ব’টোৰ এটা প্ৰ’ম’ সম্প্ৰচাৰিত হৈছিল য’ত চেফ বিকাশ খান্নাই এজন অসমীয়া ঘৰুৱা ৰান্ধনী নয়নজ্যোতিক বিচাৰি হাজাৰ হাজাৰ কিলোমিটাৰ ভ্ৰমণ কৰি অসমলৈ আহিছিল আৰু তেওঁক শ্ব’টোৰ অংশগ্ৰহণকাৰী হিচাপে অনুষ্ঠানটোলৈ লৈ আহে। প্ৰ’ম’টোত দেখুওৱা মতে, খান্নাই নয়নজ্যোতিক তেওঁৰ ইনষ্টাগ্ৰাম পেজৰ জৰিয়তে বিচাৰি পাইছিল। মিচেলিন তাৰকাজনে নয়নজ্যোতিৰ ঘৰলৈ আহিছিল আৰু যুৱকজনৰ ৰন্ধন প্ৰণালীৰ নমুনা লৈছিল।
উক্ত ভিডিঅ’টোত এগৰাকী বৃদ্ধ মহিলাৰ কাহিনীও কোৱা হৈছে যিয়ে নিজৰ ব্যতিক্ৰমী ৰন্ধন দক্ষতাৰে বিচাৰকসকলক আচৰিত কৰিছে তেওঁৰ বয়সসম্পৰ্কীয় ধাৰণাক অস্বীকাৰ কৰিছে। ২৬ বছৰীয়া নয়নজ্যোতি নাৰায়ণৰ সামাজিক মাধ্যমত এটা একাউন্ট আছে য'ত তেওঁ নিজৰ শিল্পকৰ্ম প্ৰদৰ্শন কৰে। প্ৰথম খণ্ডত, তেওঁ এটা মিঠাই তৈয়াৰ কৰি বিচাৰকসকলক আপ্যায়ন কৰিছিল।
ইয়াৰোপৰি, আন এগৰাকী প্ৰতিযোগী ৩৪ বছৰীয়া ছাণ্টা শৰ্মা তেজপুৰৰ এগৰাকী গৃহিণী আৰু বৰ্তমান তেওঁ নগাঁৱত বাস কৰে। ছাণ্টাই ৮ বছৰ বয়সত ৰন্ধা আৰম্ভ কৰিছিল আৰু বিচাৰকসকলৰ বাবে তিনি প্ৰকাৰৰ চুচি প্ৰস্তুত কৰিছিল। তেওঁক ৰিয়েলিটি শ্ব’টোৰ আন এটা খণ্ডত দেখা গৈছিল যি বিগত ৪ জানুৱাৰীত সম্প্ৰচাৰিত হৈছিল। তেওঁ এগৰাকী নেপালী সম্প্ৰদায়ৰ মহিলা আৰু তেওঁ তিনিজন বিচাৰকক এখনকৈ গামোচা আৰু এগৰাকী মহিলা বিচাৰকক নেপালীসকলৰ বিবাহিতা মহিলাই ডিঙিত পিন্ধা এটা গহণা উপহাৰ হিচাপে আগবঢ়াইছিল।
চেলিব্ৰিটি চেফ ৰণবীৰ ব্ৰাৰ, বিকাশ খান্না আৰু গৰিমা অৰোৰা মাষ্টাৰচেফ ইণ্ডিয়া চিজন ৭ৰ বিচাৰক। মাষ্টাৰচেফ ইণ্ডিয়া ছিজন ৭ৰ নতুন ছিজনৰ প্ৰথম খণ্ডটো ২ জানুৱাৰী, ২০২৩ তাৰিখে সম্প্ৰচাৰিত হৈছিল আৰু ই দৰ্শকৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : January 06, 2023, 15:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।