ৰহাত একেদিনাই তিনিজনকৈ লোকৰ দেহত ধৰা পৰিল কোভিড–১৯ৰ উপস্থিতি

News18 Assam | News18-Assam
Updated:April 13, 2021, 9:27 AM IST
ৰহাত একেদিনাই তিনিজনকৈ লোকৰ দেহত ধৰা পৰিল কোভিড–১৯ৰ উপস্থিতি
সোমবাৰে ৰহা পৰিপূৰক স্বাস্থ্য কেন্দ্ৰত কৰা ৰেপিড এণ্টিজেণ্ট টেষ্টত ধৰা পৰে তিনিওজনৰ দেহত কোভিডৰ উপস্থিতি।

সোমবাৰে ৰহা পৰিপূৰক স্বাস্থ্য কেন্দ্ৰত কৰা ৰেপিড এণ্টিজেণ্ট টেষ্টত ধৰা পৰে তিনিওজনৰ দেহত কোভিডৰ উপস্থিতি।

  • Share this:
মহামাৰী কোৰোণাৰ দ্বিতীয় ঢৌৱে অসমত ভয়ংকৰ ধাৰণ কৰাক লৈ জনসাধাৰণ শংকিত হৈ পৰাৰ সময়তে নগাঁও জিলাৰ ৰহাত একেদিনাই তিনিজনকৈ লোকৰ দেহত ধৰা পৰিল কোভিড–১৯ৰ উপস্থিতি। ইয়াৰে দুজন ভাৰতীয় ষ্টেট বেংকৰ ৰহা শাখাৰ কৰ্মচাৰী আৰু আনগৰাকী হৈছে কোভিডত আক্ৰান্ত হোৱা বেংক কৰ্মচাৰীৰ পত্নী।

সোমবাৰে ৰহা পৰিপূৰক স্বাস্থ্য কেন্দ্ৰত কৰা ৰেপিড এণ্টিজেণ্ট টেষ্টত ধৰা পৰে তিনিওজনৰ দেহত কোভিডৰ উপস্থিতি। ইয়াৰ পিছতেই ভাৰতীয় ষ্টেট বেংকৰ ৰহা শাখাৰ কৰ্তৃপক্ষই গ্ৰাহকৰ সজাগতাৰ বাবে মাক্স পৰিধান কৰিবলৈ আৰু সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাইছে যদিও গ্ৰাহকসকলে বেংকৰ ভিতৰত সামাজিক দূৰত্ব মানি চলা পৰিলক্ষিত হোৱা নাই।

ইপিনে যোৱা শনিবাৰেও ৰহাৰ চাপৰমুখৰ এগৰাকী লোকৰ দেহত ধৰা পৰিছিল কোভিড–১৯ৰ উপস্থিতি। এই লৈ কোভিডৰ দ্বিতীয় ঢৌত ৰহাত চাৰিজনকৈ লোক আক্ৰান্ত হৈছে। আক্ৰান্তসকলক হোম কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে।
Published by: Sanjay Kumar Das
First published: April 13, 2021, 9:27 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি