• Home
  • »
  • News
  • »
  • assam
  • »
  • হোজাইত বন গাহৰিৰ ত্ৰাস, গাহৰিৰ আক্ৰমণত মহিলাসহ আহত তিনিজন

হোজাইত বন গাহৰিৰ ত্ৰাস, গাহৰিৰ আক্ৰমণত মহিলাসহ আহত তিনিজন

ঘটনাটো সংঘটিত হোৱাৰ পিছতো হোজাই বন বিভাগে খবৰ নোলোৱাত আক্ষেপ প্ৰকাশ কৰিছে আহত লোকসকলে।

ঘটনাটো সংঘটিত হোৱাৰ পিছতো হোজাই বন বিভাগে খবৰ নোলোৱাত আক্ষেপ প্ৰকাশ কৰিছে আহত লোকসকলে।

ঘটনাটো সংঘটিত হোৱাৰ পিছতো হোজাই বন বিভাগে খবৰ নোলোৱাত আক্ষেপ প্ৰকাশ কৰিছে আহত লোকসকলে।

  • Share this:
বনৰীয়া হাতী নহয়, এইবাৰ হোজাইত বন গাহৰিয়ে চলাইছে  সন্ত্ৰাস। জামুহন্দল গাঁৱত সন্ত্ৰাস চলাইছে এটা বন গাহৰিয়ে। বন গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে গাঁওখনৰ মহিলাসহ তিনিগৰাকী লোক। পথাৰত কাম কৰি থকা অৱস্থাত বন গাহৰিৰ আক্ৰমণত আহত হৈছে মুকুন্দ নাথ আৰু শ্ৰীৰাম নাথ নামৰ লোক দুজন। আনহাতে, ঘৰৰ ভিতৰত প্ৰৱেশ কৰি বন গাহৰিয়ে আক্ৰমণ কৰাত আহত হৈছে  ৰুমী দেৱী নামৰ এগৰাকী মহিলা। বন গাহৰিৰ আক্ৰমণৰ পৰা ৰুমী দেৱীৰ কণমানি সন্তান সৌভাগ্যক্ৰমে ৰক্ষা পৰে। ঘটনাটো সংঘটিত হোৱাৰ পিছতো হোজাই বন বিভাগে খবৰ নোলোৱাত আক্ষেপ প্ৰকাশ কৰিছে আহত লোকসকলে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published: