বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / ৰহাৰ বগৰীগুৰিত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত ৩ জন নিহত; আহত ২

ৰহাৰ বগৰীগুৰিত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত ৩ জন নিহত; আহত ২

ৰহাৰ বগৰীগুৰিত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত ৩ জন নিহত; আহত ২

এই শোকাৱহ পথ দুৰ্ঘটনাটোত তিনিজন লোক নিহত হয়।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

ৰহাৰ বগৰীগুৰিত দেওবাৰে পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, আজি পুৱতি নিশা ৩ বাজি ৩০ মিনিটত যান্ত্ৰিক বিজুতিৰ বাবে বগৰীগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা RJ23E0089 নম্বৰৰ এখন ট্ৰাকক গুৱাহাটী-নগাঁও অভিমুখী AS25DC9039 নম্বৰৰ আন এখন ট্ৰাকে পাছফালৰ পৰা খুন্দা মাৰে। এই শোকাৱহ পথ দুৰ্ঘটনাটোত তিনিজন লোক নিহত হয়। নিহত লোককেইজনৰ ভিতৰত এজন ব্যক্তি পাছফালৰ পৰা খুন্দা মৰা ট্ৰাকৰ চালক হোৱাৰ বিপৰীতে আন দুজন হ’ল ৰাজপথত ৰখাই থোৱা ট্ৰাকখন মেৰামতি কৰি থকা দুজন শ্ৰমিক।

বিজ্ঞাপন

উল্লেখ্য যে, এই দুৰ্ঘটনাটোত ট্ৰাকখন মেৰামতিত কাম কৰি থকা আন দুজন লোকো আহত হয়। স্থানীয় ৰাইজৰ তৎপৰতাত আহত লোককেইজনক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। এই দুৰ্ঘটনাটোত হতাহতৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই। দুৰ্ঘটনাস্থলীত নিশাই ৰহা আৰক্ষী উপস্থিত হৈ নিহত লোকসকলক মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন